আন্তঃৰাষ্ট্ৰীয়

দেশৰ পৰা পলায়নৰ চেষ্টা কৰোতেই ৰকেটেৰে আক্ৰমণ, মৃত্যুক সাবটিলে ৩৫জনে…

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াক 'evil with no limits'(সীমাহীন অপশক্তি)বুলি ঘোষণা কৰে

অশান্ত ইউক্ৰেইনত এইবাৰ ৰকেটেৰে আক্ৰমণ ৰাছিয়াৰ! শুকুৰবাৰে, ইউক্ৰেইনৰ এটা ৰে’লৱে ষ্টেচনত ৰকেট আক্ৰমণ হোৱাৰ ফলত মৃত্যুক সাবটিলে বহুজনে।

পূব ইউক্ৰেইনৰ ক্ৰামাটৰ্স্ক চহৰৰ এটা ৰে’লৱে ষ্টেচনত সংঘটিত হয় এই ঘটনা। শুকুৰবাৰে দেশ এৰি যোৱাৰ বাবে ট্ৰেইনৰ অপেক্ষাত থকাৰ সময়তে ষ্টেচনটোত হোৱা ৰকেট আক্ৰমণত মৃত্যুক সাবটি লয় ৩৫জন নাগৰিকে। আনহাতে, আক্ৰমণৰ ফলত আহত হয় প্ৰায় ১০০ৰো অধিক লোক। অৱশ্যে, ৰাছিয়াই এই ৰকেট আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে।

 

আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াক ‘evil with no limits'(সীমাহীন অপশক্তি)বুলি ঘোষণা কৰে। লগতে তেওঁ কয় যে, ‘ৰাছিয়াৰ ইউক্ৰেইনৰ জনসাধাৰণক ধ্বংস কৰিবলৈ চাই আছে ৰাছিয়াই। তেওঁলোকৰ অপকৰ্মৰ কোনো সীমা নাই। যদি ৰাছিয়াক এতিয়াই শাস্তি বিহা নহয়, তেন্তে কেতিয়াও ক্ষান্ত নহ’ব ৰাছিয়া’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.