ক’ভিডত আক্ৰান্ত অভিনেতা অক্ষয় কুমাৰ। শনিবাৰে টুইটাৰযোগে অভিনেতাগৰাকীয়ে ঘোষণা কৰে এই কথা।
ক’ভিড পজিটিভ হোৱাৰ বাবেই আগন্তুক কাঁ চলচ্চিত্ৰ মহোৎসৱ(Cannes Film Festival)ত ইণ্ডিয়া পেভিলিয়ন ভ্ৰমণ বাতিল কৰাৰ কথা জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে। টুইটযোগে তেওঁ লিখিছে, ‘সঁচাকৈয়ে #Cannes2022ত ইণ্ডিয়া পেভিলিয়নত আমাৰ চিনেমাৰ বাবে ৰুটিং কৰিবলৈ আগ্ৰহী আছিলো, কিন্তু দুখৰ বিষয় যে মোৰ ক’ভিড পজিটিভ হৈছে। মই বিশ্ৰাম ল’ব লাগিব। @ianuragthakur আৰু তেওঁৰ দললৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সঁচাকৈয়ে তাত থকা সময়কণ বহুত মিছ কৰিছো’।
Was really looking forward to rooting for our cinema at the India Pavilion at #Cannes2022, but have sadly tested positive for Covid. Will rest it out. Loads of best wishes to you and your entire team, @ianuragthakur. Will really miss being there.
— Akshay Kumar (@akshaykumar) May 14, 2022
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০২১ চনৰ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈছিল ৫৪ বছৰীয়া অভিনেতাগৰাকী।