Covid-19বলিউড

দ্বিতীয়বাৰৰ বাবে ক’ভিডত আক্ৰান্ত অক্ষয় কুমাৰ, ক’ভিডৰ বাবেই কি সুযোগ হেৰুৱালে অভিনেতাগৰাকীয়ে…

ক'ভিড পজিটিভ হোৱাৰ বাবেই আগন্তুক কাঁ চলচ্চিত্ৰ মহোৎসৱ(Cannes Film Festival)ত ইণ্ডিয়া পেভিলিয়ন ভ্ৰমণ বাতিল কৰাৰ কথা জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে

ক’ভিডত আক্ৰান্ত অভিনেতা অক্ষয় কুমাৰ। শনিবাৰে টুইটাৰযোগে অভিনেতাগৰাকীয়ে ঘোষণা কৰে এই কথা।

 

ক’ভিড পজিটিভ হোৱাৰ বাবেই আগন্তুক কাঁ চলচ্চিত্ৰ মহোৎসৱ(Cannes Film Festival)ত ইণ্ডিয়া পেভিলিয়ন ভ্ৰমণ বাতিল কৰাৰ কথা জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে। টুইটযোগে তেওঁ লিখিছে, ‘সঁচাকৈয়ে #Cannes2022ত ইণ্ডিয়া পেভিলিয়নত আমাৰ চিনেমাৰ বাবে ৰুটিং কৰিবলৈ আগ্ৰহী আছিলো, কিন্তু দুখৰ বিষয় যে মোৰ ক’ভিড পজিটিভ হৈছে। মই বিশ্ৰাম ল’ব লাগিব।  @ianuragthakur আৰু তেওঁৰ দললৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সঁচাকৈয়ে তাত থকা সময়কণ বহুত মিছ কৰিছো’।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০২১ চনৰ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈছিল ৫৪ বছৰীয়া অভিনেতাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.