Covid-19

গভীৰ সংকটত ভ্ৰাম্যমাণ থিয়েটাৰ

কাল কৰ’ণাৰ গ্ৰাসত পৰি এতিয়া ভয়াবহ আৰ্থিক সংকটৰ দিশে গতি কৰিছে ২৩ বছৰীয়া পুৰণি চাচনীৰ সুদৰ্শন থিয়েটাৰে। যদিহে সময় থাকোতে চৰকাৰে ভ্ৰাম্যমাণ জগতক হুমতি প্ৰদান নকৰে তেন্তে এদিন ইতিহাস হব ভ্ৰাম্যমাণ থিয়েটাৰ।

গভীৰ সংকটত ভ্ৰাম্যমাণ থিয়েটাৰ। মহামাৰী ক’ভিডৰ ফলত এতিয়া হাহাকাৰ অৱস্থাত সূষ্টি হৈছে ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত থকা লোকসকলৰ। ৰাজ্য বিভিন্ন প্ৰান্তৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহৰ দৰে একেই অৱস্থা সূষ্টি হৈছে ১৯৯৯ চনত নাহৰকটীয়া চাচনীত জন্মলাভ কৰা সুদৰ্শন থিয়েটাৰৰ।

বিগত বছৰ বছৰ ধৰি নিজৰ অপূৰ্ব অভিনয় প্ৰদর্শনেৰে দৰ্শকক হাঁহি আৰু কান্দোনৰ খোৰাক যোগোৱা সুদৰ্শন থিয়েটাৰৰ কলা কুশলীকে ধৰি মালিক পক্ষ সকলো নিজেই এতিয়া বিপৰ্যস্ত। ৰাজ্যত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাত এতিয়া বিপাঙত পৰিছে থিয়েটাৰ খনত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে জড়িত প্ৰায় ১২০ গৰাকী কলা কুশলীৰ লগতে প্ৰয়োজক পক্ষ।

সুচাৰুৰূপে চলাই নিবলৈ বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল ট্ৰাক, জেনেৰেটৰ আৰু কলা কুশলী সকল থাকিবলৈ বাসগৃহ নিমাৰ্ণ কৰিবলৈ সৰ্বমুঠ প্ৰায় ৬০ লাখ টকা বেংকৰ পৰা ঋণ লৈছিল থিয়েটাৰখনৰ প্ৰযোজক গৰাকীয়ে,  কিন্তু বিগত বৰ্ষ আৰু চলিত বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰ চলাব নোৱাৰি এতিয়া দিনতে ৰাতি দেখিছে প্ৰযোজক ক্ষিৰোদ খনিকৰে।

উল্লেখ্য যে, বিগত বৰ্ষত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভ্ৰাম্যমাণ গোষ্ঠী সকলক ১০ লাখকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা কথা আছিল যদিও এইপৰ্যন্ত গোষ্ঠীটোৱে লাভ নকৰিলে এটাও ফুটা কড়ি। এনে প্ৰেক্ষাপটত ৫৮ টা বছৰত ভৰি দিয়া ভ্ৰাম্যমাণ জগতখনক নতুন চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ জড়িত কলা কুশলী সকলৰ বাবে উন্নয়ন আৰু এই উদ্যোগটো জীয়াই ৰখাৰ বাবে বিশেষ আঁচনি অথবা অনুদান আগবঢ়াবৰ বাবে কাতৰ অনুৰোধ জনাইছে ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত লোকসকলে। অন্যথা ভ্ৰাম্যমাণৰ লগত জড়িত এই লোকসকল অদূৰ ভৱিষ্যতে অথাই সাগৰত পৰাৰ লগতে ইতিহাস হৈ পৰিব ভ্ৰাম্যমাণ জগত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 8 =

Back to top button