অসমজীৱনশৈলীপৰিৱেশ

অসমত এখন অৰ্কিড নগৰী! ভিন্ন ৰঙী ফুলেৰে জাতিস্কাৰ ‘অৰণ্যম’…

এহেজাৰ প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ এহাল দম্পত্তিৰ

উজ্জ্বল ৰং আৰু বিচিত্ৰ আকৃতিৰ ফুল,  বায়ুৰ পৰা আহাৰ গ্ৰহণ কৰা একশ্ৰেণীৰ অলংকৃত উদ্ভিদকে অৰ্কিড বোলা হয়৷

শিৱসাগৰৰ কালুগাঁওত এহেজাৰ প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ এহাল দম্পত্তিৰ। প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে কালুগাঁৱৰ ৰমেন হাতীমূৰীয়া আৰু তেওঁৰ পত্নীয়ে। কালুগাঁওত অৱস্থিত অৰণ্যম খ্যাত ক্ষুদ্ৰ চিৰিয়াখানাত বিভিন্ন প্ৰজাতিৰ অৰ্কিডে সৃষ্টি কৰিছে সুন্দৰতাৰ।

সেউজীয়াৰ মাজত বিভিন্নৰঙী ফুলে জাতিস্কাৰ কৰি তুলিছে অৰণ্যম খ্যাত অৰ্কিড উদ্যানে। বসন্তৰ আগমণৰ লগে লগে বিভিন্ন প্ৰজাতিৰ কপৌ ফুল ফুলিবলৈ ধৰি অৰ্কিড উদ্যান মোহনীয় কৰি তুলিছে।

অৰ্কিড উদ্যানখনলৈ আগমন ঘটে বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰকৃতিপ্ৰেমীৰ। সেউজীয়া প্ৰকৃতিৰ আভৰণ আৰু পশু-পক্ষী, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ কলৰৱত প্ৰতিটো পুৱা সাৰপোৱা শিৱসাগৰ জিলাৰ এই  পৰিয়ালটো আদৰ্শনীয় হৈ উঠিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.