অসমচিকিৎসাভাৰত

ভাৰতবৰ্ষৰ পৰম্পৰাগত ঔষধে লাভ কৰিলে বিশ্ব স্বীকৃতি…

কেন্দ্রীয় আয়ুষ মন্ত্রালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত ইতিমধ্যে চুক্তি স্বাক্ষৰিত হৈছে

ভাৰতত পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্র স্থাপনৰ বাবে আয়ুষ মন্ত্রালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছে। গুজৰাটৰ জামনগৰত স্বাক্ষৰিত হৈছে এই চুক্তিখন।

 

এই কেন্দ্ৰটো গঢ় দিয়াত ভাৰত চৰকাৰে প্রায় ২৫০ নিযুত আমেৰিকান ডলাৰ বিনিয়োগ কৰিব। এই ঐতিহাসিক ক্ষণত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক এই কেন্দ্র স্থাপনৰ দিশত গ্ৰহণ কৰা অক্লান্ত প্রচেষ্টাৰ বাবে আৰু আয়ুষ মন্ত্রালয়ক এই গৌৰৱান্বিত সুযোগ প্রদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

উল্লেখযোগ্য যে, কেন্দ্রীয় কেবিনেটে বিগত মাহত কেন্দ্ৰটো স্থাপনৰ বাবে অনুমোদন জনাইছিল। ২৫ মার্চ, শুকুৰবাৰে জেনেভাত আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান ড° টেড্রোছ অধানম ঘেব্রেয়েছাছে এই যুগান্তকাৰী চুক্তিখন স্বাক্ষৰ কৰে। এই বিশ্ব কেন্দ্ৰৰ প্রাথমিক উদ্দেশ্য হৈছে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে সমগ্র বিশ্বৰ পৰম্পৰাগত ঔষধ আৰু চিকিৎসা প্রণালীৰ সুযোগ- সম্ভাৱনাক অধিক ত্বৰান্বিত কৰা আৰু সমগ্র মানৱ সমাজৰ স্বাস্থ্যৰ সামগ্রিক উন্নতি সাধন কৰা। আয়ুর্বেদৰ প্রশিক্ষণ আৰু গৱেষণা প্রতিষ্ঠানে (আইটিআৰএ) উক্ত বিশ্ব কেন্দ্ৰৰ অন্তৱৰ্তীকালীন কার্যালয় হিচাপে কাম কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত চলিত বৰ্ষৰ ২১ এপ্রিলত এই গুৰুত্বপূৰ্ণ কেন্দ্রৰ যাৱতীয় কার্যসূচী অনুষ্ঠিত হ’ব।

 

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চুক্তি স্বাক্ষৰ হোৱাৰ এই ঐতিহাসিক ক্ষণত কয় যে, “পৰম্পৰাগত ঔষধৰ বাবে গোলকীয় কেন্দ্র স্থাপনৰ উদ্দেশ্যে স্বাক্ষৰিত চুক্তিৰ বিষয়ে জানি আনন্দিত হৈছোঁ। বিভিন্ন পদক্ষেপ জৰিয়তে আমাৰ চৰকাৰে প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক স্বাস্থ্যসেৱা সুলভ আৰু সকলোৰে বাবে উপলব্ধ কৰাৰ অক্লান্ত প্রচেষ্টা অব্যাহত ৰাখিছে। জামনগৰৰ গোলকীয় কেন্দ্রই বিশ্বক সর্বশ্রেষ্ঠ স্বাস্থ্যসেৱা আগবঢ়োৱাত যথেষ্ট সহায় কৰিব।”

 

বিশ্ব কেন্দ্ৰটোৰ প্রসংগত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ই সমগ্র দেশৰ বাবে আৰু বিশেষকৈ আয়ুষ মন্ত্ৰালয়ৰ বাবে অতিশয় গৌৰৱৰ বিষয়। আমাৰ সন্মানীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীজীৰ অক্লান্ত প্রচেষ্টা এই গুৰুত্বপূৰ্ণ সাফল্যৰ আঁৰত নিহিত হৈ আছে। এই কেন্দ্রই কেৱল সমগ্র বিশ্বৰ পৰম্পৰাগত ঔষধৰ বাবে সুদূৰপ্ৰসাৰী লাভালাভ আৰু খ্যাতি কঢ়িয়াই অনাই নহয়, তদুপৰি ভাৰতৰ পৰম্পৰাগত চিকিৎসকসকলৰ বাবেও এক বিশ্বব্যাপী সুযোগ প্রদান কৰিব। ই সমগ্র মানৱজাতিক সুলভ আৰু নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা প্রাপ্ত কৰাত সহায় কৰিব। লগতে কেন্দ্ৰটোৱে শেহতীয়া বৈজ্ঞানিক পদ্ধতিৰ প্রয়োগেৰে স্বাস্থ্যসেৱাৰ মান যথেষ্ট উন্নত কৰিব।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − one =

Back to top button