অসমআঞ্চলিক

“দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলেমলাই ঐ গোৱিন্দাই ৰাম।”

আপুনি জানেনে বহাগৰ লগত কেতেকী ফুলৰ কি সম্পৰ্ক।

“দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলেমলাই ঐ গোৱিন্দাই ৰাম।” আপুনি জানেনে বহাগৰ লগত কেতেকী ফুলৰ কি সম্পৰ্ক।

গছে বনে ফুলে পাতে এতিয়া কেৱল বসন্তৰ আগমন। গছ- বনেও পিন্ধিছে নতুন সাজ। বসন্তৰ বতৰা লৈ ফুলিছে কেতেকীও। বহাগ আৰু কেতেকী ফুলৰ মাজতো আছে এক এৰাব নোৱাৰা সম্পৰ্ক। বিহু নামৰ ঘোষা অথবা হুঁচৰিটো পোৱা যায় কেতেকী ফুলৰ নাম । কিন্তু বৰ্তমান এই কেতেকী ফুল লাহে লাহে হেৰাই যাবলৈ ধৰিছে ।

ইয়াৰ মাজতে বসন্তৰ বতৰা লৈ মৰাণৰ ১ নং হালধিবাৰী কোঁৱৰ গাঁৱত ফুলিছেএই দুষ্প্ৰাপ্য কেতেকী ফুল। কোঁৱৰগাঁৱৰ ৰাইজে অতি সযতনে সংৰক্ষণ কৰিছে এডৰা কেতেকী। প্ৰায় আধা বিঘা মাটিত আগুৰি থকা কেতেকী ফুল সমূহ সংৰক্ষণ কৰি ৰাখিছে গাঁওবাসীয়ে। বৰ্তমান সময়ত সকলোৰে পৰিচিত নহয় কেতেকী ফুল। সেয়ে বহু লোক বিভিন্ন ঠাইৰ পৰা গাওঁখনলৈ আহে কেতেকী ফুল চাবলৈ ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.