নাৰ্চৰ গাফিলতিত নৱজাতকৰ দেহত পৰিল গৰম তেল। মঙ্গলদৈৰ অসামৰিক চিকিৎসালয়ত সংঘটিত এই দুৰ্ঘটনা
এইবাৰ পুনৰ বিতৰ্কত সোমাই পৰিছে মঙলদৈ অসামৰিক চিকিৎসালয়।
![নাৰ্চৰ গাফিলতিত নৱজাতকৰ দেহত পৰিল গৰম তেল। মঙ্গলদৈৰ অসামৰিক চিকিৎসালয়ত সংঘটিত এই দুৰ্ঘটনা নাৰ্চৰ গাফিলতিত নৱজাতকৰ দেহত পৰিল গৰম তেল। মঙ্গলদৈৰ অসামৰিক চিকিৎসালয়ত সংঘটিত এই দুৰ্ঘটনা](https://prathamkhabartv.com/wp-content/uploads/2022/12/baby-burn-0-00-00-00-780x470.jpg)
মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত দৈনিক সংঘটিত হৈ থাকে বিভিন্ন ধৰণৰ ঘটনা। এইবাৰ পুনৰ বিতৰ্কত সোমাই পৰিছে মঙলদৈ অসামৰিক চিকিৎসালয়। নাৰ্চৰ গাফিলতিৰ বাবে এটি দেৱশিশুৰ গাত পৰিল গৰম তেল। হাস্পতালখনৰ ICUত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। নাৰ্চে শিশুটিৰ ওচৰতে থকা লাইটৰ ওপৰত নাৰিকল তেল গৰম কৰোঁতে সেই তেল পৰি সংঘটিত হয় এই ঘটনা। শিশুটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈয়ে আঘাত হোৱা বুলি জানিব দিয়ে পৰিয়ালৰ লোকে। ঘটনাটো প্ৰকাশ নকৰিবলৈ পৰিয়ালৰ লোকক হেঁচা প্ৰয়োগ কৰিছে নাৰ্চে।
উল্লেখ্য যে যোৱা কেইদিন মান আগতে ওদালগুৰি জিলা বেংবাৰী অঞ্চলৰ দীনেশ ৰাভাৰ পত্নীয়ে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত জন্ম দিছিল দেৱ শিশুটি কিন্তু এই দুৰ্ঘটনা হোৱাৰ বাবে আজিও চিকিৎসাধীন হৈ আছে শিশুটি।