AssamDurga pujaleatest update

আজি ষষ্ঠী। দুৰ্গাৰ ষষ্ঠ স্বৰূপ মা ‘কাত্যায়নী’। কেনেদৰে পূজা- অৰ্চনা কৰিব মা ‘কাত্যায়নী’ক।

আপোনাৰ বিবাহত যদি বাধা আছে তেন্তে মা 'কাত্যায়নী'ক পূজা অৰ্চনা কৰিলে বিবাহত ৰাষ্টা মুকলি হয়!

আজি শাৰদীয় দুৰ্গা পূজাৰ ষষ্ঠী। বেলবোধনেৰে দেৱীক আদৰিবলৈ সাজু ৰাজ্যবাসী। ৰাজ্যজুৰি দেৱী বন্দনাৰ মহাআয়োজন। নৱপত্ৰিকা প্ৰৱেশেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা দেৱীক। মহীষমৰ্হিদিনীৰ আৰাধনাৰে মুখৰ হ’ব আকাশ-বতাহ। মণ্ডপে মণ্ডপে চলিছে পূজাৰ অন্তিম প্ৰস্তুতি। জাগ্ৰত শক্তিপীঠসমূহতো দেখা গৈছে উখল-মাখল পৰিৱেশ। ভক্তক চমক দিবলৈ সাজু প্ৰতিখন পূজা সমিতি।

উল্লেখ্য যে, আজি নৱৰাত্ৰিৰ ষষ্ঠ দিন। আজি পূজা কৰা হয় মা দুৰ্গাৰ ষষ্ঠ স্বৰূপ মা কাত্যায়নী দেৱীক। মা কাত্যায়নী দেৱীৰ পূজাৰ অৰ্থ, ধৰ্ম, কাম আৰু মোক্ষপ্ৰাপ্তি হয় বুলি বিশ্বাস কৰা হয়। মা কাত্যায়নী দেৱীক ৰঙা ফুল আৰু ৰঙা বস্ত্ৰ অৰ্পণ কৰা হয়। আনহাতে মৌৰে বনোৱা মিঠাই, ভোগ দেৱীক অৰ্পণ কৰা হয়। মা কাত্যায়নী দেৱীৰ স্ৱৰূপ তেজস্ৱী । মা কাত্যায়নী দেৱী চতুৰ্ভুজা। তেওঁৰ ওপৰৰ হাতত তৰোৱাল আৰু তলৰ হাতত পদুম ফুল থাকে।

জানিব পৰা মতে, যিসকল ছোৱালীৰ বিবাহত বাধা দেখা দিয়ে তেওঁলোকে আজিৰ দিনটোত ৰঙা বস্ত্ৰ পৰিধান কৰি কুমাৰী ছোৱালীক সন্ধিয়া ভোগ বিতৰণ বা ফল-মূল বিতৰণ কৰিলে কাত্যায়নী মা সন্তোষ্ট হোৱাৰ লগতে বিবাহত ৰাষ্টা মুকলি হয় বুলি কোৱা হয়।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.