অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

পিতৃ- মাতৃক হেৰুৱাই নিথৰুৱা হৈ ৰ’ল ৪বছৰীয়া কণমানি আৰভ।

হৃদয়বিদাৰক! নলবাৰী দুৰ্ঘটনাৰ দৰেই পুনৰ অন্য এক দুৰ্ঘটনাই জোকাৰি গ'ল ৰাজ্য।

হৃদয়বিদাৰক! নলবাৰী দুৰ্ঘটনাৰ দৰেই পুনৰ অন্য এক দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য।ৰাজস্থানৰ জয়পুৰত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাই কাঢ়ি লৈ গ’ল অসমৰ এটি পৰিয়াল। নিথৰুৱা হৈ ৰ’ল ৪ বছৰীয়া এটি কণমানি। কৰ্মসূত্ৰে দিল্লীত থকা নিজ জী- জোঁৱাইৰ ঘৰলৈ ফুৰিবলৈ গৈছিল শাহু জ্যোতিমালা চৌধুৰী গগৈ। জ্যোতিমালাৰ ঘৰ আছিল নুমলীগড়ত। জী- জোঁৱাইৰ ঘৰলৈ যোৱা শাহুক লগত লৈ পৰিয়ালটো ফুৰিবলৈ গৈছিল ৰাজস্থান। তেওঁলোকৰ সৈতে লগত গৈছিল অৰ্ণৱ আৰু মুনমীৰ একমাত্ৰ ৪ বছৰীয়া সন্তান আৰভ বৰা। হাঁহি মাতি ফুৰিবলৈ বুলি ওলাই যোৱা পৰিয়ালটোৰ বাবে আছিল সেয়াই শেষ দিন। কণমানিটোৰ বাবেও নামি আহিল কাল অমানিশা।

উল্লেখ্য যে ৰাজস্থানৰ আলোৱাৰাত একে দিশেৰে গৈ থকা এখন ট্ৰেইলাৰত পিছফালে খুন্দা মাৰে গাড়ীখনে । যাৰফলত শাহু জ্যোতিমালা চৌধুৰী গগৈ, জী মুনমী চৌধুৰী বৰা আৰু জোঁৱাই অৰ্ণৱ বৰা থিতাতে নিহত হয় ৷ গাড়ীখনত থকা অৰ্ণৱ আৰু মুনমীৰ একমাত্ৰ সন্তান আৰিভ বৰা কথমপি ৰক্ষা পৰে প্ৰাণ। অৰ্ণৱ বৰা ঘৰ আছিল গুৱাহাটীৰ সোণাইঘুলিত। ইতিমধ্যে পুত্ৰৰ মৃত্যুৰ খবৰ পাই দিল্লীলৈ ৰাওনা হৈছে অৰ্ণৱৰ পিতৃ-মাতৃ। কণমানি আৰিভক পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.