খেলভাৰত

ক্ৰিকেটপ্ৰেমীৰ বাবে দুখবৰ। ক্ৰিকেটৰ খেলপথাৰত আৰু দেখা নাপায় আপোনাৰ প্ৰিয় খেলুৱৈ সুৰেশ ৰাইনাক

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লয় ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাই

ক্ৰিকেটপ্ৰেমীৰ বাবে দুখবৰ।  ক্ৰিকেটৰ খেলপথাৰত আৰু দেখা নাপায় আপোনাৰ প্ৰিয় খেলুৱৈ সুৰেশ ৰাইনাক। ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাই মংগলবাৰে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লয়।

 

বিচিচিআই, উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থা আৰু চেন্নাই চুপাৰ কিং আৰু ৰাজীৱ চুকলাক ধন্যবাদ জনাই ৰাইনাই টুইট যোগে নিজৰ অৱসৰৰ কথা প্ৰকাশ কৰে।

 

টুইটত ক্ৰিকেটাৰ জনে কয়, “মোৰ দেশ আৰু ৰাজ্য উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাটো এক পৰম সন্মানৰ বিষয়। মই ক্ৰিকেটৰ সকলোধৰণৰ পৰা অৱসৰ গ্ৰহণ কৰো। মই ধন্যবাদ দিব বিচাৰো বিচিচিআই, উত্তৰ প্ৰদেশ ক্ৰিকেট সংস্থা আৰু চেন্নাই চুপাৰ কিং, ৰাজীৱ চুকলা ছাৰ আৰু মোৰ সকলো অনুৰাগীকে তেওঁলোকৰ সমৰ্থনৰ বাবে লগতে মোৰ সামৰ্থ্যৰ ওপৰত অটল বিশ্বাসৰ ৰখাৰ বাবে।”

 

ৰাইনাই ২০২১ চনৰ অক্টোবৰত আবুধাবিত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে চিএছকেৰ হৈ তেওঁৰ অন্তিম প্ৰতিযোগিতামূলক খেলখন খেলিছিল।

উল্লেখ্য যে, ভাৰতীয় খেলুৱৈ ৰাইনাই ভাৰতৰ হৈ ১৮ খন টেষ্ট, ২২৬ খন এদিনীয়া আৰু ৭৮ খন টি-২০ খেলিছিল। তেওঁ ২০১১ চনত বিশ্বকাপ বিজয়ী দলৰো অংশীদাৰ আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.