Covid-19অসম

কি-কি সালসলনি হ’ল নতুন SOPত?

পূৰ্বৰ দৰেই বাহাল আছে সান্ধ্য আইন

ৰাজ্যত প্ৰকাশ পালে ক’ভিডৰ নতুন SOP। আজি প্ৰকাশ পোৱা SOPত ৰাইজক সকাহ দিব পৰাকৈ পিছে বিশেষ সালসলনি দেখা পোৱা নগ’ল।

কেইখনমান জিলাত পূৰ্বৰ দৰেই বাহাল আছে সান্ধ্য আইন। তিনিখন জিলাত কাৰ্ফিউৰ ক্ষেত্ৰত কিছু শিথিল কৰা হৈছে। আনহাতে গোলঘাট আৰু লখিমপুৰ জিলাত পূৰ্বৰ দৰেই ২৪ ঘন্টাই বাহাল থাকিব কাৰ্ফিউ। পিছে যোৰহাট, শোণিতপুৰ, বিশ্বনাথত শিথিল কৰা হৈছে সান্ধ্য আইন।

ৰাজ্যৰ ৫ জিলা ক্ৰমে যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁৱত ২ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্ফিউ। ৰাজ্যত
পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা। কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব এই নতুন SOP।

এই নতুন SOPৰ জৰিয়তে গুৱাহাটীবাসীক কিছু সকাহ দিব বুলি আশা কৰা হৈছিল যদিও নাই কোনো বিশেষ শিথিলতা। কামৰূপ মহানগৰীত বাহাল থাকিব পূৰ্বৰ নীতি-নিৰ্দেশনা। ২৭ খন জিলাতে থাকিব পূৰ্বৰ নিৰ্দেশনা।

কামৰূপ মহানগৰীত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ। আনহাতে দোকান-পোহাৰ, ৰেষ্টুৰেন্ট আদি পূৰ্বৰ দৰে ৪ বজাত বন্ধ কৰিব লাগিব।

উল্লেখ্য যে, মহানগৰীত এতিয়াও হ্ৰাস পোৱা নাই কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰে জাৰি কৰিছে এই নতুন নিৰ্দেশনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.