অসমদুৰ্ঘটনা

নৱবৰ্ষৰ আৰম্ভণিতে উকা হ’ল মাতৃৰ বুকু, অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে তিনি শিশুৱে…

মৰাণৰ সমীপৰ মৰাণহাট আৰক্ষী থানাৰ অধীনৰ চেপন আৰক্ষী চকী অন্তৰ্গত দোমৰদলং চাহবাগিচাৰ বৰুৱাহোলা শাখাৰ ১২ নম্বৰ লাইনত সংঘটিত হোৱা এক অগ্নিকাণ্ডই নিমিষতে প্ৰাণ কাঢ়িলে তিনিটি কণমাণি শিশুৰ।

নৱবৰ্ষৰ আৰম্ভণিতে এটি দুঃখবৰ। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। বুকু শুদা হ’ল তিনিগৰাকী মাতৃৰ। নতুন আশা, নতুন উদ্যমেৰে নতুন বছৰটো আৰম্ভ কৰাৰ সময়তে সংঘটিত এক শোকাৱহ ঘটনা। নিমিষতে ছাৰখাৰ তিনিটি পৰিয়ালৰ সপোন। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে তিনিটি শিশুৱে।

এই ঘটনা সংঘটিত হৈছে মৰাণত। মৰাণৰ সমীপৰ মৰাণহাট আৰক্ষী থানাৰ অধীনৰ চেপন আৰক্ষী চকী অন্তৰ্গত দোমৰদলং চাহবাগিচাৰ বৰুৱাহোলা শাখাৰ ১২ নম্বৰ লাইনত সংঘটিত হোৱা এক অগ্নিকাণ্ডই নিমিষতে প্ৰাণ কাঢ়িলে তিনিটি কণমাণি শিশুৰ।

ধানখেৰ ৰখা ঘৰত চাৰিটি শিশুৱে খেলি থকাৰ সময়তে অগ্নিৰ সূত্ৰপাত হোৱাত হঠাতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় বিভান মুণ্ডা(২), অনুদ মুণ্ডা(৫) আৰু কহিনুৰ কৰুৱা(২.৫)ই। আনহাতে, কথমপি প্ৰাণৰক্ষা এটি শিশুৰ।

ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মৰাণহাট আৰক্ষী, চেপন আৰক্ষী চকীৰ আৰক্ষীৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰবিষয়া ইণ্ডিকা গগৈ। মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইংৰাজী নতুন বছৰৰ আৰম্ভণিতে সংঘটিত হোৱা এই ঘটনাই সকলোৰে মনত স্বাভাৱিকতে পেলাইছে শোকৰ ছাঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button