leatest updatenorth eastPMo india

ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত নেপালত বিশাল প্ৰতিবাদী কাৰ্যসূচী।

কাঠমাণ্ডুৰ ৰাজপথত হাজাৰ হাজাৰ জনতা...

ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত নেপালত বিশাল প্ৰতিবাদী কাৰ্যসূচী। হাজাৰ হাজাৰ লোক ওলাই আহিল কাঠমাণ্ডুৰ ৰাজপথলৈ। আৰক্ষীৰে সংঘৰ্ষত লিপ্ত প্ৰতিবাদী জনতাৰ। ৰাজতন্ত্ৰক উৎখাত কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰে পৰা নেপাল ক্ৰমান্বয়ে সমস্যাৰ গৰাহত পৰিবলৈ ধৰে। গণতন্ত্ৰৰ নামত ৰাজনৈতিক দলসমূহৰ প্ৰশাসনিক ব্যৰ্থতাই নেপালত চৰম ৰূপ ধাৰণ কৰে। ৰাজনৈতিক নেতৃত্বৰ ক্ষমতাৰ অৰিয়াঅৰিৰ মাজত সাধাৰণ জনতাৰ দুখ–দুৰ্দশা, সমস্যাসমূহ বৃদ্ধি পাবলৈ ধৰে।

গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰে পৰা এইপৰ্যন্ত এখনো সুস্থিৰ চৰকাৰ যেন নেপালৰ জনতাই লাভ কৰিবলৈ সক্ষম হোৱা নাই। এনে পৰিপ্ৰেক্ষতিততে গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে উমি উমি জ্বলি থকা জুইকুৰাৰ বহিঃপ্ৰকাশ ঘটিল বৃহস্পতিবাৰে। হাজাৰ হাজাৰ ৰাজতন্ত্ৰৰ সমৰ্থক জনতাই কাঠমাণ্ডুৰ ৰাজপথত দেশৰ পতাকা লৈ ‘গণতন্ত্ৰক উৎখাত কৰক’,  ‘ৰজাক ওভতাই আনক’ ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। ৰজা জ্ঞানেন্দ্ৰক পুনৰ দেশৰ শাসনভাৰ প্ৰদান কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী নেপালী জনতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.