Entertainmentleatest updatenational

“Papa hein na…” ডেম কেয়াৰ শ্বাহৰুখৰ পুত্ৰ!

বলীউডত খোজ পেলাইয়ে চৰ্চাত বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান

বলীউডৰ জগতত নতুনকৈ খোজ দিবলৈ ওলাইছে বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। বলীউডত খোজ পেলাইয়ে চৰ্চাত আৰিয়ান খান। ইতিমধ্যে মুকলি কৰা হৈছে আৰিয়ান খানে পৰিচালনা কৰা ‘Bads Of Bollywood’ নামৰ ৱেব ছিৰিজখনৰ প্ৰিভিউ। য’ত দেখা হৈছে চলমান খান, ববি দেউলকে ধৰি বহু তাৰকা।

ছিৰিজখনৰ প্ৰিভিউ লঞ্চৰ বাবেও খান পৰিয়ালে এক অনুষ্ঠান আয়োজন কৰিছিল। অনুষ্ঠানটোত দৰ্শকৰ সন্মুখত নিজৰ মনৰ অনুভৱ কোৱাৰ লগতে কেনেকৈ ভাষণৰ বাবে প্ৰস্তুতি চলাইছিল তাৰ বিষয়েও উল্লেখ কৰে আৰয়ানে। ইতিমধ্যে অনুষ্ঠানটোৰ বহুকেইটা ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত।

“Papa hein na…” বুলি কৈ নিজৰ ভাষণটো পিতৃৰ ছাৰ্টত আঁৰি থোৱা দৃশ্যই তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত।

এই ৱেব ছিৰিজৰ প্ৰযোজনা কৰিছে আৰিয়ান খানৰ মাতৃ গৌৰী খানে। যেতিয়া আৰিয়ান খানে প্ৰিভিউ লঞ্চ ইভেণ্টত ভাষণ দিবলৈ আৰম্ভ কৰিছিল তেতিয়া শ্বাহৰুখ খানৰ বাবে সেয়া আছিল আটাইতকৈ ডাঙৰ গৌৰৱৰ মুহূৰ্ত। অনুষ্ঠানত শ্বাহৰুখ খানে কয়, “মোক যিমান মৰম দিলে মোৰ সন্তানকো দিব”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.