অসমঅসম আৰক্ষী

ছ’চিয়েল মিডিয়াত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল কলেজীয়া ছাত্ৰী…

শেহতীয়াকৈ বহু যুৱক-যুৱতীয়ে বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ত যোগান কৰা ঘটনাই চৰকাৰ আৰু প্ৰশাসনক চিন্তিত কৰি তুলিছে। সেই সময়তে টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ লেখনিয়ে নৱপ্ৰজন্মক উৎসাহিত কৰিব পৰাৰ আশংকাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰ্ষাশ্ৰী নামৰ ছাত্ৰীগৰাকীক|

কলমেৰে নিগৰা কবিতাই কাল হ’ল এগৰাকী যুৱতীৰ বাবে। সামাজিক মাধ্যমত বিদ্ৰোহী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল এগৰাকী কলেজীয়া ছাত্ৰী। অসাংবিধানিক কাম-কাজত উৎসাহিত কৰাৰ অভিযোগত উৰিয়ামঘাটত গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী।

 

যোৰহাটৰ টীয়ক কাৱৈমাৰী গাঁৱৰ প্ৰতিভাৱান ছাত্ৰী বৰ্ষাশ্ৰী বুঢাগোহাঁইয়ে সামাজিক মাধ্যমত বিপ্লৱী কবিতা লিখি কিছুদিনৰ পৰা বিদ্ৰোহী কাম-কাজক উৎসাহিত কৰি অহাৰ অভিযোগ উঠিছে। যোৰহাটৰ ডিচিবি কলেজত বিজ্ঞান শাখাৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা ছাত্ৰীগৰাকীৰ শেহতীয়া কাম-কাজত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখি থকাৰ মাজতে শেহতীয়াকৈ সামাজিক মাধ্যমত লিখা এটা বিদ্ৰোহী লিখনিয়ে সকলোৰে মাজত চিন্তনীয় পৰিৱেশৰ সৃষ্টি কৰিছিল।

 

উল্লেখ্য যে, প্ৰথমতে ছাত্ৰীগৰাকীক আৰক্ষীয়ে বুজাই বঢ়াই এনে বেআইনী কাম-কাজৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি দিছিল যদিও আৰক্ষীৰ সকীয়নিকো কেৰেপ নকৰি ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত বিদ্ৰোহী লেখা-মেলা প্ৰকাশ কৰি গৈছিল। শেহতীয়াকৈ বহু যুৱক-যুৱতীয়ে বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ত যোগান কৰা ঘটনাই চৰকাৰ আৰু প্ৰশাসনক চিন্তিত কৰি তুলিছে। সেই সময়তে টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ লেখনিয়ে নৱপ্ৰজন্মক উৎসাহিত কৰিব পৰাৰ আশংকাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰ্ষাশ্ৰী নামৰ ছাত্ৰীগৰাকীক|

 

উল্লেখ্য যে, ৭ বহাগৰ দিনা উৰিয়ামঘাট ডিমৰুজানৰ পদ্ম গগৈ নামৰ এজন যুৱকে নিষিদ্ধ ঘোষিত আলফাত যোগান কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ অঞ্চলটোত। সেইসময়তে ছাত্ৰীগৰাকী উৰিয়ামঘাটৰ এগৰাকী বান্ধৱীৰ ঘৰত ফুৰিবলৈ যাওঁতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই সন্দৰ্ভত বে-আইনী কাম-কাজত জড়িত থকাৰ অভিযোগত উৰিয়ামঘাট আৰক্ষী থানাত আৰক্ষীয়ে নিজাববীয়াকৈ তৰা ২০/২২ নং গোচৰত গ্ৰেপ্তাৰ কৰি বুধবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয় ছাত্ৰীগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.