পৰিৱেশ

আকাশৰ পৰা হঠাৎ সৰি পৰিল লাখ-লাখ চৰাই, ৰাজপথ ভৰিল পক্ষীৰ মৃতদেহৰে…

পিছে এতিয়াও ৰহস্যৰ আৱৰ্ত্তত চৰাইবোৰৰ মৃত্যুৰ কাৰণ। কিছু লোকৰ মন্তব্য অনুসৰি হয়তো মেক্সিকোত হোৱা প্ৰদূষণ, 5G টেকন'লজী আৰু বিজুলীৰ তাঁৰৰ বাবেও সংঘটিত হ'ব পাৰে এই দুৰ্ঘটনা।

ছ’চিয়েল মিডিয়াত খলকনি তুলিছে এটা ভিডিঅ’ই। আকাশৰ পৰা হঠাৎ সৰি পৰিছে লাখ-লাখ চৰাই। মেক্সিকোৰ চিহোৱাহোৱাত অকস্মাৎ আকাশৰ পৰা সৰি পৰিল কণ-কণ হালধীয়া টুপীমূৰীয়া চৰাই।

কানাডাৰ পৰা মেক্সিকোলৈ আহিছিল এই চৰাইৰ জাকটো। পিছে এতিয়াও ৰহস্যৰ আৱৰ্ত্তত চৰাইবোৰৰ মৃত্যুৰ কাৰণ। কিছু লোকৰ মন্তব্য অনুসৰি হয়তো মেক্সিকোত হোৱা প্ৰদূষণ, 5G টেকন’লজী আৰু বিজুলীৰ তাঁৰৰ বাবেও সংঘটিত হ’ব পাৰে এই দুৰ্ঘটনা।

উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীতে সংঘটিত হৈছিল এই ঘটনা। মাটিত সৰি পৰাৰ লগে-লগে কিছু চৰাই উৰি যাবলৈ সক্ষম হয় যদিও আঘাতপ্ৰাপ্ত বহু চৰাইৰ থিতাতে মৃত্যু হয়।

চৰাই বিশেষজ্ঞৰ মন্তব্য অনুসৰি ডাঙৰ পক্ষীয়ে আক্ৰমণ কৰাৰ বাবেও হয়তো মাটিলৈ নামি আহে চৰাইৰ জাকটো। উল্লেখ্য যে, ২০২১ চনত ভাৰততো 5G নেটৱৰ্কৰ বাবে পক্ষীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছিল। মেক্সিকতো এই ঘটনাৰ আঁৰত 5G নেটৱৰ্ক থকাৰ কথা উল্লেখ কৰিছে বহুজনে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.