AssamEntertainmentInternationalnationalSocialSocial Networkবলিউড

অভিনেতা ছলমান খানৰ ঘৰত গুলীচালনাৰ ষড়যন্ত্ৰ ক’ত চলাইছিল ? 

গুলীচালনাৰ পৰিকল্পনাৰ আঁৰত কোন জৰিত আছিল?

অভিনেতা ছলমান খানৰ ঘৰত গুলীচালনাৰ ষড়যন্ত্ৰ কত চলাইছিল ?  আমেৰিকাত ৰচনা কৰা হৈছিল গুলীচালনাৰ ষড়যন্ত্ৰ অভিযুক্তক ভাৰ্চুৱেল নম্বৰৰ পৰা ঘটনা সংঘটিত কৰাৰ আদেশ দিছিল । ৰোহিত গোডাৰাৰ নিৰ্দেশমতে গুলীচালনাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰা হৈছিল । সম্প্ৰতি ৰাজ্যত আৰক্ষী অভিযুক্তৰ সন্ধানত ব্যস্ত।

Image

প্ৰায় এমাহ ধৰি ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ পৰিকল্পনা কৰা হৈছিল। যাৰ বাবে আমেৰিকাত থকা আনমোল বিষ্ণোয়ে ছুটাৰ বাছনিৰ দায়িত্ব আমেৰিকাতে ৰোহিত গোদাৰাৰ হাতত অৰ্পণ কৰিছিল। এখন দুচকীয়া বাহনখন অভিযুক্তই ৰায়গড় অঞ্চলৰ পৰা ক্ৰয় কৰিছিল । ঘটনাত ব্য়ৱহাৰ হোৱা বাইকখনৰ পঞ্জীয়ন মহাৰাষ্ট্ৰৰ পানভেল জিলাৰ।

Image

ঘটনা সংঘটিত কৰা পূৰ্বে অভিযুক্তই পানভেলস্থিত ৰায়গড়লৈ গৈ এখন ডিলাৰৰ পৰা পুৰণি বাইকখন ক্ৰয় কৰিছিল। আৰক্ষীয়ে বাইকখনৰ পুৰণি স্বত্বাধিকাৰ আৰু বাইকখন ক্ৰয় কৰাত সহায় কৰা লোকক জেৰা অব্যাহত ৰাখিছে । অভিযুক্তই ঘটনা সংঘটিত কৰা পাছতে মুম্বাই চহৰৰ পৰা পলায়ন কৰাৰ পৰিকল্পনা কৰিছিল ।উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব ইতিমধ্যে মুম্বাই ক্ৰাইম ব্ৰান্সক দিয়া হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.