অসমখেল

‘নতুন বছৰত অসমৰ ক্ৰীড়া জগতৰ বাবে আহিব কেইবাটাও ভাল খবৰ’: বিমল বড়া

অনুষ্ঠানত ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষ্যে আয়োজন কৰা কেইবাটাও প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

নেহেৰু ষ্টেডিয়ামত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন। যুৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী বিমল বড়া। এই অনুষ্ঠানত উপস্থিত থাকে অলিম্পিক পদক বিজয়ী তথা নৱনিযুক্ত DSP লাভলীনা বৰগোহাঁই।  লগতে,উপস্থিত থাকে ২০২০ বৰ্ষৰ যুৱ সাহিত্য অকাডেমী বটাঁ প্ৰাপক দ্বীজেন কুমাৰ দাস, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব লক্ষ্য কোৱঁৰ আৰু পৱিত্ৰ মাৰ্ঘেৰিটা।

অনুষ্ঠানত ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষ্যে আয়োজন কৰা কেইবাটাও প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত যুৱক-যুৱতীসকলক সকলো দিশৰ পৰা সৱলীকৰণ কৰাৰ উদ্দেশ্য চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বড়াই।

লগতে, নতুন বছৰত অসমৰ ক্ৰীড়া জগতৰ বাবে কেইবাটাও ভাল খবৰ আহিব বুলি কয় মন্ত্ৰীগৰাকীয়ে। আনকি, APDCLৰ খালী হৈ থকা পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই হ’ব বুলি ঘোষণা মন্ত্ৰী বিমল বড়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.