আঞ্চলিকমনোৰঞ্জন

একোচা দীঘল ধুনীয়া সোনালী চুলি! চুলিকোচাৰ দৈৰ্ঘ এজন সুস্থ সবল মানুহৰ উচ্চতাতকৈও বেছি

সৰ্বশৰীৰ ঢাক খাই চুলিৰে

একোচা দীঘল ধুনীয়া সোনালী চুলি। চুলিকোচাৰ দৈৰ্ঘ এজন সুস্থ সবল মানুহৰ উচ্চতাতকৈও বেছি। সৰ্বশৰীৰ ঢাক খাই চুলিৰে।

এলোনা ক্ৰেভচেংকোৰ নামৰ এজনী ৩৫ বছৰীয়া মহিলা ৬.৫ ফুট দীঘল চুলিৰ অধিকাৰী। মাতৃৰ কথা ৰাখি এলোনাই ৩০ বছৰত এবাৰো চুলিকোচাত লগোৱা নাই কেঁচী। এলোনাই কয় যে এবাৰ তেওঁৰ মাতৃয়ে তেওঁক কৈছিল, মহিলাই নিজৰ চুলি কটাব নালাগে আৰু দীঘল চুলি ৰখাৰ চেষ্টা কৰিব লাগে। মাতৃৰ কথা ৰাখি ৫ বছৰ বয়সৰ পৰাই চুলি কটোৱা নাই এলোনাই।
এলোনাৰ চুলি অত্যন্ত সুন্দৰ আৰু সোণালী ৰঙৰ। তেওঁৰ চুলি দেখিলে ডিজনীৰ এগৰাকী ৰাজকুমাৰী যেন লাগে।

এলোনাই নিজৰ চুলিকোচা সপ্তাহত মাত্ৰ এবাৰহে ধোৱে। যাৰ বাবে কমেও ৩০ মিনিট সময় লাগে। তিতা চুলিত কেতিয়াও ফণী নলগায়, যাতে চুলি নিচিগে। এলোনাৰ চুলিৰ দৈৰ্ঘ্য নিজৰ উচ্চতাতকৈ বেছি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.