খেল

চেমি ফাইনেললৈ প্ৰস্তুতি টীম ইণ্ডিয়াৰ! জিম্বাবৱেৰ বিৰুদ্ধে সহজ বিজয় ভাৰতৰ।

৭১ ৰানত জিম্বাবৱেক পৰাস্ত কৰি চেমিফাইনেললৈ প্ৰস্তুতি চলালে ভাৰতে।

মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা গ্ৰুপ২ৰ মেচখনত ভাৰতে ৭১ ৰাণৰ বৃহৎ বিজয় সাব্যষ্ট কৰিছে। ভাৰতৰ হাতত পৰাস্ত হ’ল জিম্বাবৱে। এই বিজয়ৰ দ্বাৰা ভাৰতে গ্ৰুপ২ৰ শিখৰত অৱস্থান কৰিছে। ৭১ ৰানত জিম্বাবৱেক পৰাস্ত কৰি চেমিফাইনেললৈ প্ৰস্তুতি চলালে ভাৰতে। পৰৱৰ্তী মেচ তথা বিশ্বকাপৰ চেমি ফাইনেলত ভাৰতে ইংলেণ্ডৰ সৈতে মুখামুখি হ’ব। ১০ নৱেম্বৰত হ’ব ছেমিফাইনেল।

Match Preview - India vs Zimbabwe, ICC Men's T20 World Cup 2022/23, 42nd  Match, Group 2 | ESPNcricinfo.com

খেলত জিম্বাবৱেক ১৮৭ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। ভাৰতৰ শক্তিশালী বলিং লাইন আপৰ সমুখত জিম্বাবুৱে ধৰাসায়ী হৈ পৰে। উল্লেখ্য যে প্ৰথম ইনিংছত ভাৰতে বান্ধি দিয়া ১৮৭ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ জিম্বাবৱেই ১৬টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১১৫ ৰাণহে কৰিবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button