CricketIPLSportsক্ৰিকেটখেল

বাওঁ ভৰিত বৈভৱ সূৰ্যবংশীৰ সফলতাৰ ৰহস্য

খেলপথাৰত ভৰি দিয়ে নিজৰ বেটিঙেৰে অভিজ্ঞ বলাৰৰ লাইন বিঘ্নিত কৰে বৈভৱ সূৰ্যবংশীয়ে। এতিয়া প্ৰশ্ন হয় এই ১৫ বছৰীয়া ল’ৰাজন কেনেকৈ এনে বিস্ফোৰক বেটিং কৰিবলৈ সক্ষম হয়। এই গোপন ৰহস্যৰ আঁৰৰ কাহিনী এতিয়া পোহৰলৈ আহিছে।

IPLত এতিয়া বৈভৱৰ ধুমুহা। এজন ১৫ বছৰীয়া বিষ্ময় বালক হৈ পৰিছে ক্ৰিকেটপ্ৰেমীৰ নয়নৰ মণি। তেওঁ যেন ভাৰতীয় ক্ৰিকেট ইতিহাসৰ উজ্বল নক্ষত্ৰ! বিস্ফোৰক বৈভৱৰ বেটিঙে চলিত IPLত ঘটাইছে এটাৰ পিছত আনটো বিস্ফোৰণ। হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ প্ৰায় প্ৰতিখন মেচৰে জয়ৰ নায়ক।

আজি আই পি এল ২০২৬ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব। এই খেলখন নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন। দ্বিতীয় কোৱালিফায়াৰৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল বিজয়ী দলটোৱে আই পি এল ২০২৬ৰ দ্বিতীয় ফাইনেলিষ্ট হিচাপে পৰিগণিত হ’ব।

ইয়াৰ পূৰ্বে প্ৰথমখন কোৱালিফায়াৰ মেচত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰিছিল। ৰাজস্থানৰ হৈ মাত্ৰ ২৯টা বলত ৯৭ ৰানৰ ইনিংছ খেলিছিল বৈভৱ সূৰ্যবংশীয়ে। যিয়ে অবাক কৰি তুলিছিল প্ৰতিজন ক্ৰিকেটপ্ৰেমীক। খেলপথাৰত ভৰি দিয়ে নিজৰ বেটিঙেৰে অভিজ্ঞ বলাৰৰ লাইন বিঘ্নিত কৰে বৈভৱ সূৰ্যবংশীয়ে। এতিয়া প্ৰশ্ন হয় এই ১৫ বছৰীয়া ল’ৰাজন কেনেকৈ এনে বিস্ফোৰক বেটিং কৰিবলৈ সক্ষম হয়। এই গোপন ৰহস্যৰ আঁৰৰ কাহিনী এতিয়া পোহৰলৈ আহিছে।

কেৱল ভাৰততে নহয়, বৈভৱ সূৰ্যবংশীৰ নাম সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি চৰ্চিত। এই বাওঁহাতৰ খেলুৱৈগৰাকীয়ে আই পি এলত ৬৫ ছিক্সাৰৰ সহায়ত ৬৮০ ৰান সংগ্ৰহ কৰিছে। মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিঙৰ ৰহস্য তেওঁৰ বাওঁ ভৰিত নিহিত হৈ আছে। এই কথা প্ৰকাশ কৰিছে ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট অপাৰেশ্যন (Director of Cricket Operations)ৰ সঞ্চালক জুবিন ভাৰুচাই। বৈভৱ সূৰ্যবংশীৰ কৌশল ব্যাখ্যা কৰি জুবিন ভাৰুচাই বুজাই কয়, যে তেওঁ কেনেকৈ ইমান দীঘল ছিক্সাৰ মাৰিব পাৰে। লগতে বিগত এবছৰত খেলুৱৈগৰাকীয়ে নিজৰ ওপৰত কিমান কাম কৰিছে? ভাৰুচাই কয় যে, ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষণ কেন্দ্ৰত সূৰ্যবংশীৰ বেকলিফ্টৰ ব্যাপক উন্নতি হৈছে, আৰু তেওঁৰ ট্ৰিগাৰ মুভমেণ্টে তেওঁৰ শ্বট নিৰ্বাচনতো সহজ কৰি তোলে।

বৈভৱ সূৰ্যবংশীৰ বেটিং কৌশলৰ আঁৰৰ ৰহস্য

বৈভৱ সূৰ্যবংশীয়ে খেলি থকা সময়ত ফুটৱাৰ্কৰ ক্ষেত্ৰত বিশেষ কষ্ট কৰিব নালাগে। তেওঁ নিজৰ বেছিভাগ শ্বট থিয় হৈয়ে খেলে। তেওঁৰ দ্ৰুত গতি আৰু উচ্চ বেকলিফ্ট ডাঙৰ শ্বটৰ বাবে উপযোগী। কিন্তু তেওঁৰ বেকফুটত সামান্য ট্ৰিগাৰ আছে, যাৰ ফলত তেওঁ ক্ৰীজৰ গভীৰতাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰে। জুবিন ভাৰুচাই লগতে কয়, “বৈভৱৰ ডাঙৰ ডাঙৰ শ্বটৰ কাৰণ বেকফুট আৰু বেকলিফ্ট। যাৰ বাবে বলাৰজনে আগবাঢ়ি অহাৰ লগে লগে তেওঁৰ শৰীৰ, হাত আৰু চকুৱে একেলগে কাম কৰি বৈভৱক শ্বট নিৰ্বাচনৰ বিষয়ে অৱগত কৰে।”

জুবিন ভাৰুচাই কয়, ২০২৫ চনত বৈভৱ সূৰ্যবংশীয়ে অন চাইডত অধিক শ্বট খেলিছিল যদিও এবছৰত অফ চাইডতো শ্বটো খেলিছিল। জুবিন ভাৰুচাই কয় যে, “উচ্চ পৰ্যায়ত বেটিঙৰ দুৰ্বলতা দূৰ কৰিবলৈ আপোনাৰ বেটিং ৰেঞ্জ বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ। আমোদজনকভাৱে বৈভৱে বিগত এটা বছৰত বেটিং ৰুটিনত কোনো বিশেষ পৰিৱৰ্তন কৰা নাই। তেওঁ আগৰ দৰে প্ৰায় একে সংখ্যক বলত বেটিং কৰিছে, কিন্তু যোৱা বছৰ আৰু এই বছৰৰ মাজৰ পাৰ্থক্যটো হ’ল তেওঁৰ আত্মবিশ্বাস সূচকীয়ভাৱে বৃদ্ধি পাইছে।”

জুবিন ভাৰুচাই উল্লেখ কৰে যে, আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰশিক্ষকসকলে সূৰ্যবংশীৰ বেট স্পীডৰ ওপৰত কাম কৰিছিল। তেওঁ বুজাই দিয়ে যে, সূৰ্যবংশীয়ে অংশগ্ৰহণ কৰা ট্ৰায়েলত বেট স্পীড গ্ৰুপৰ ভিতৰত আটাইতকৈ দ্ৰুত নাছিল। ইয়াৰ ওপৰত তিনিমাহ ধৰি কাম কৰা হৈছিল। তাৰ পিছত সূৰ্যবংশীৰ বেট স্পীড ৩০ শতাংশ উন্নত হয়।

জুবিন ভাৰুচাই লগতে কয় যে, বৰ্তমান সূৰ্যবংশীয়ে ভাল প্ৰদৰ্শন আগবঢ়াইছে যদিও পৰৱৰ্তী সময়ত নিঃসন্দেহে উত্থান-পতনৰ সন্মুখীন হ’ব। বিফলতা আহিব, কিন্তু ভৰুচাই কয় যে, শচীনৰ পিছত ইমান পৰিষ্কাৰকৈ বেটিং কৰা যুৱক দেখা নাই। ভাৰুচাই কয় যে, সূৰ্যবংশীৰ চিন্তাধাৰা শচীনৰ সৈতে মিল আছে। সূৰ্যবংশীৰ শৈলী বেলেগ, কিন্তু ইমান কম বয়সতে তেওঁৰ জ্ঞান অপৰিসীম। ভৰুচাই বিচাৰে যে, বৈভৱ সূৰ্যবংশী অধিক প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগে যাতে তেওঁৰ খেলৰ বিষয়ে জ্ঞান আৰু অধিক বৃদ্ধি পায়। ব্যৰ্থতাই বৈভৱ সূৰ্যবংশীক দ্ৰুত হোৱাত সহায় কৰিব পাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.