ভাৰতভ্ৰমণ

ছমাহৰ ভিতৰত নোহোৱা হ’ব টোল গেট

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ ঘোষণা পথচাৰীৰ বাবে সকাহ

নিজকে টোল কৰৰ পিতা বুলি উল্লেখ কৰা নীতিন গাডকাৰীয়ে দেশৰ পৰা টোল গেট নোহোৱা কৰিবলৈ সিদ্ধান্ত লৈছে। দেশৰ ঘাইপথসমূহত পথাচাৰীয়ে সন্মুখীন হৈ অহা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিছে টোল গেটসমূহ উঠাই দিয়াৰ ওপৰত চিন্তা-চৰ্চা কৰিছে মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে টোল গেট নোহোৱা হ’লেও আপুনি আগৰ দৰেই ভৰিব লাগিব টোল কৰ। বৰ্তমানৰ ফাষ্টটেগ ব্যৱস্থাৰে সংগ্ৰহ কৰা কৰ ব্যৱস্থাৰ সলনি অধিক ক্ষীপ্ৰ আৰু উন্নত ব্যৱস্থাৰ পক্ষপাতী কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। এইক্ষেত্ৰত পঞ্জীয়ন নম্বৰ সম্পৰ্কীয় ব্যৱস্থাৰে টোল কৰ সংগ্ৰহ ব্যৱস্থাই অধিক চৰ্চাত আছে।

পঞ্জীয়ন নম্বৰ সম্পৰ্কীয় ব্যৱস্থাত ব্যক্তিগত বাহনত সংযুক্ত থাকিব লাগিব জিপিএছ। কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এই ব্যৱস্থাত বাহনখনৰ গতিবিধি নিৰীক্ষণত থাকিব। ইয়াৰ দ্বাৰা টোলগেটত হোৱা দীঘলীয়া শাৰীৰ পৰা সকাহ পাব পথচাৰীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − two =

Check Also
Close
Back to top button