Internationalleatest updateSocial

গাজাৰ উত্তৰ খণ্ডত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ

গাজাত বন্ধ হৈ গ’ল ম’বাইলকে ধৰি সকলো যোগাযোগ ব্যৱস্থা

গাজাৰ উত্তৰ খণ্ডত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ
৭ অক্টোবৰৰ পিছত সৰ্ববৃহৎ আক্ৰমণৰ সন্মুখীন গাজা
আকাশ, জল, স্থলমাৰ্গেৰে ইজৰাইলৰ আক্ৰমণ
মধ্যপ্ৰাচ্যৰ ইতিহাসত অভূতপূৰ্ব ইজৰাইলৰ শেহতীয়া আগ্ৰাসন
গাজাৰ ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ
বন্ধ হৈ গ’ল ম’বাইলকে ধৰি সকলো যোগাযোগ ব্যৱস্থা
মছজিদৰ আজান দিয়া মাইকেই এতিয়া একমাত্ৰ যোগাযোগৰ মাধ্যম
গাজাত প্ৰৱেশ ইজৰাইলৰ সৰ্ববৃহৎ স্থলসেনা বাহিনী
আকাশমাৰ্গেৰে অহৰহ বোমা বৰ্ষণ ড্ৰোণ, ফাইটাৰ জেটৰ
সাগৰীয় পথেৰেও গাজাৰ ওপৰত গোলাবৰ্ষণ ইজৰাইলী নৌসেনাৰ

ৱেষ্ট বেংকৰ উত্তৰ ৰামাল্লাৰ জালাঝন কেম্পত ইজৰাইলী স্থলসেনাৰ গতি-বিধিৰ দৃশ্য ছ’চিয়েল মাধ্যমত প্ৰত্যক্ষ কৰা গৈছে। ইফালে, ইৰাকৰ কুৰ্দিস্তান অঞ্চলৰ আকাশতো প্ৰত্যক্ষ কৰা গৈছে মিছাইল। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ মতে, পশ্চিম ইৰাকলৈ সৰবৰাহ কৰা হৈছে বহুসংখ্যক বালিস্তিক মিছাইল। তাৎপৰ্যপূৰ্ণ যে ১৯৯৩ চনত ছাদ্দাম হুছেইেন পশ্চিম ইৰাকৰ কুৰ্দিস্তান অঞ্চলৰ পৰাই ইজৰাইলৰ ওপৰত নিক্ষেপ কৰিছিল বালিস্তিক মিছাইল। গাজা ষ্ট্ৰীপত শুকুৰবাৰৰ পৰা পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সময়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আৰব দেশসমূহে গাজাক মানৱীয় সাহায্য প্ৰদান সম্পৰ্কীয় এক প্ৰস্তাৱ উত্থাপন কৰে। তাৎপৰ্যপূৰ্ণভাৱে ভাৰতে এই প্ৰস্তাৱ গৃহীতকৰণৰ ভোটত অংশগ্ৰহণ নকৰিলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eight =

Back to top button