অসম

অসমীয়া স্বাভিমান গামোচাক জ্বলাই দিলে এজন সচিবে

গামোচা জ্বলোৱা কাৰ্যক তীব্ৰ গৰিহনা বিভিন্ন দল- সংগঠনৰ

নাৰায়ণপুৰত অঘটন ৷ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সচিব বীৰধন পাতিৰে কাৰ্যালয়তে জ্বলালে অসমীয়াৰ স্বাভিমান গামোচা। পঞ্চায়ত কাৰ্যালয়ত এখন অন্তোদয়া আঁচনিৰ সভা চলি থকাৰ মাজতে সচিবগৰাকীয়ে কৰে এই কাৰ্য। কাৰ্যালয়ৰ সন্মোখত থকা এটা ডাষ্টৱিনত জ্বলাই দিয়ে গামোচাখন। ঘটনাটো ভাইৰেল হৈ পৰাত সচিব গৰাকীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে বিভিন্ন দল- সংগঠনে লগতে গামোচা জ্বলোৱা কাৰ্যক তীব্ৰ গৰিহনা জনাই উচিত শাস্তিৰ দাবী জনায়৷ অৱশেষত ঘটনাৰ সন্দৰ্ভত নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ সোধাপোচাৰ অন্তত আটক কৰে সচিব বীৰধন পাতিৰক ৷

উল্লেখ্য় যে, সচিব গৰাকীয়ে কেমেৰাৰ সন্মুখত গামোচা জ্বলোৱা কাৰ্য স্বীকাৰ কৰাৰ লগতে তেওঁ কয় কাৰ্যালয়ৰ পুৰনা নিগনিয়ে কুটা গামোচা এখন নষ্ট হোৱাত বাহিৰলৈ উলিয়াই জ্বলাই দিয়া হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.