AssamSocialঅসম

বিপদে লগ এৰা নাই অভিনেত্ৰী নন্দিনী কাশ্যপক

দুৰ্বল হৈ পৰিছে অভিনেত্ৰী নন্দিনী কাশ্যপ!

বিপদে লগ এৰা নাই অভিনেত্ৰী নন্দিনী কাশ্যপক।এফালে ৰাজধানী থিয়েটাৰৰ ২০২৫-২৬ মঞ্চৰ পৰা বিদায় দিয়া হ’ল অভিনেত্ৰী নন্দিনী কাশ্যপক আনফালে কালি সন্ধিয়াৰ ভাগত অভিনেত্ৰী নন্দিনী কাশ্যপক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। যদিও আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক ৫ দিনৰ বাবে নিজ জিম্মাত বিচাৰিছিল তথাপিও আদালতে সেই আবেদন নাকচ কৰি ন্যায়িক জিম্মাৰ নিৰ্দেশ দিয়ে।উল্লেখ্য যে ২৬ জুলাই তাৰিখে পুৱতি নিশা নন্দিনী কাশ্যপৰ গাড়ীয়ে ছামিউল হক নামৰ এজন যুৱকক খুন্দা মাৰিছিল। যাৰ ফলত কেইদিনমান পিছতেই চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লৈ ছামিউলে। জানিব পৰা মতে, নন্দিনীয়ে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ঘটনাস্থলীৰ পৰা।যুৱকজনৰ মৃত্যুৰ পাছত সেইদিনাই সন্ধিয়া থিয়েটাৰৰ আখৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে শৰাইঘাটৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰে অভিনেত্ৰীগৰাকীক আৰু লৈ যোৱা হয় পাণবজাৰ মহিলা আৰক্ষী থানালৈ ।ইয়াৰ পূৰ্বেও তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছিল অভিনেত্ৰীগৰাকীক।ইয়াৰ লগতে অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে আটক কৰাৰ পিছতেই স্বাস্থ্যৰ অৱনতি ঘটে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.