Assamhealthঅসম

জাপানীজ এন্‌কেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু এজন লোক

১৪ দিনে গুৱাহাটীৰ GMCH ত চিকিৎসাধীন হৈ আছিল ব্যক্তিজন

ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এন্‌কেফেলাইটিছ ৰোগীৰ সংখ্যা। এই ৰোগত আক্ৰান্ত হৈ প্ৰায় ২৪ জনলোকে মৃত্যুক আকোৱালি লৈছে বুলি জানিব পৰা গৈছে। চৰকাৰী সূত্ৰ অনুসৰি উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও প্ৰায় ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে!ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এন্‌কেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ মাজতেই কলিয়াবৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। জাপানীজ এন্‌কেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ দ্বিতীয়জন ৰোগীৰ মৃত্যু হৈছে।এই ৰোগত আক্ৰান্ত হৈ বিগত ১৪ দিনে গুৱাহাটীৰ GMCH ত চিকিৎসাধীন হৈ আছিল ব্যক্তিজন । ব্যক্তিজন নলতলীৰ গেম প্ৰসাদ নিৰলা বুলি জানিব পৰা গৈছে।অতিপাত জ্বৰ ,মূৰৰ বিষ, অস্বাভাৱিকভাৱে কঁপনি উঠা,ইত্যাদি এনে ধৰণৰ বহুতো লক্ষণ আছে জাপানীজ এন্‌কেফেলাইটিছৰ।এই ৰোগৰ পৰা যদি নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে পৰিষ্কাৰ হৈ থাকিব লাগে ,নিশা শোৱাৰ সময়ত ভালদৰে আঁঠুৱা তৰিব লাগে ৷নিজৰ ঘৰ আৰু আশে-পাশে থকা অঞ্চলত মহৰ বৃদ্ধি ৰোধ কৰাটো নিশ্চিত কৰিব লাগে ৷লগতে ঘৰৰ চাৰিওফালে পানী জমা হ’বলৈ দিব নালাগে ৷বাচন-বৰ্তনত পানী জমা হ’বলৈ নিদিব ৷ এই ৰোগ যিকোনো ব্যক্তিৰেই হ’ব পাৰে ।এই ক্ষেত্ৰত বয়সৰ কোনো নির্দিষ্ট সীমা নাই ৷ মহে যাকে কামোৰে তাৰেই হয় ৷ শিশুৰ পৰা আৰম্ভ কৰি বয়স্কলৈকে সকলো আক্রান্ত হ’ব পাৰে ৷ সাধাৰণতে শিশু আৰু বয়স্ক লোকৰ এই ৰোগ হ’লে প্রকোপ বৃদ্ধি পায় ৷ শিশু আৰু বয়স্কৰ তুলনামূলকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা কম ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.