খেলভাৰত

‘দ্য গ’ল্ডেন বয় অৱ ইণ্ডিয়া’ৰ নামেৰে পালন কৰা হ’ব ‘জেভলিন থ্ৰ’ দিৱস’, কোনে কৰিলে ঘোষণা?

৭ আগষ্টৰ দিনটো জেভলিন থ্ৰ' দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ

Story Highlights
  • Neeraj Chopra
  • Athletics Federation of India
  • Javelin Throw Day

অলিম্পিকৰ পৰা ভাৰতবাসীলৈ আহিল সুখবৰ। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ জয়ৰে ইতিহাস ৰচিলে এজন ২৩ বছৰীয়া সুঠাম যুৱকে। ভাৰতীয় সেনাৰ চুবেদাৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ’ শাখাত পদক জয়ৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে।

২০০৮ চনত অভিনৱ বিন্দ্ৰাই অলিম্পিকত স্বৰ্ণ জয় কৰাৰ পৰৱৰ্তী সময়ত নীৰজ চোপ্ৰাই স্বৰ্ণ জয় কৰাটো সঁচায়ে এক সুখবৰ। নীৰজ চোপ্ৰাৰ এই সফলতাক সন্মান প্ৰদান কৰাৰ উদ্দেশ্যে এথলেটিকছ ফেডাৰেছন অৱ ইণ্ডিয়াই ৭ আগষ্টৰ দিনটো জেভলিন থ্ৰ’ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই নীৰজে নিজৰেই পূৰ্বৰ ৰেক’ৰ্ড ভংগ কৰি ভাৰতীয়ৰ মন মুহিলে। খেলুৱৈগৰাকীৰ এই অভিলেখ ভংগকাৰী প্ৰদৰ্শনৰ বাবে সকলোৱে শুভেচ্ছাৰে ওপচাই পেলাইছে নীৰজ চোপ্ৰাক।

খেলুৱৈগৰাকীৰ সন্মান জনোৱাৰ লগতে প্ৰত্যেক বছৰৰ ৭ আগষ্ট তাৰিখে জেভলিন থ্ৰ’ দিৱস উদযাপন কৰি এএফআইয়ে(AFI) দেশৰ যুৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ চেষ্টা কৰাৰ কথা ঘোষণা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + twelve =

Back to top button