অসমঅসম আৰক্ষীভাৰত
Trending

চিকিৎসাৰ বাবে গৈ সন্ধানহীন হ’ল একেটা পৰিয়ালৰ ৫জনকৈ সদস্য

২৫ জুলাইৰ পাছত হঠা পৰিয়ালৰ আটাইকেইজন সদস্যৰ ফোন  চুইচ অফ হৈ পৰে

একেটা পৰিয়ালৰে ৫জনকৈ সদস্য সন্ধানহীন হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

যোৱা ১৬ জুলাইত ৪ মহীয়া নাতিনীৰ চিকিৎসাৰ বাবে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ গৈছিল একেটা পৰিয়ালৰে ৫জনকৈ সদস্য৷ পৰিয়ালৰ ৫জন সদস্যৰ মাজত আছিল – পিতৃ চৈয়দ মোজাম্মিল হুছেইন, মাতৃ চৈয়দা নাজৰীন হুছেইন, পুত্ৰ চৈয়দ মোৱাচ্ছিৰ হুছেইন, বোৱাৰীয়েক চৈয়দা তাচলিমা নাজনিন আৰু ৪ মহীয়া চৈয়দা তাহেৰা তাবাচ্চুম৷

২৫ জুলাইৰ পাছত হঠা পৰিয়ালৰ আটাইকেইজন সদস্যৰ ফোন  চুইচ অফ হৈ পৰে। বহু চেষ্টাৰ পাছতো কোনো এজন সদস্যৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে পৰিয়ালটোৰ কণিষ্ঠ পুত্ৰ চৈয়দ মাচুম হুছেইনে।  অবশেষত উপায়ন্তৰ হৈ জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে চৈয়দ মাচুম হুছেইনে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চনটোত।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.