Assamleatest updateRegionalSocial

বানৰ সংহাৰৰ মাজত মথাউৰিৰ ওপৰতে সম্পন্ন হ’ল বিবাহ।

সামাজিক নীতি-নিয়ম, পৰম্পৰা অনুযায়ী গাঁৱৰ মহিলাসকলে সম্পন্ন কৰিলে বিবাহ কাৰ্য।

ৰাজ্যত চাৰিওফালে বানৰ বিভীষিকা। পোহনীয়া জীৱ-জন্তুৰ পৰা আদি কৰি ঘৰ- বাৰী, মাটি- ভেটি সকলো যেন এতিয়া পানীৰ তলত। খোৱাঙৰ বেতনিত এসপ্তাহে মথাউৰিৰ ওপৰতে বাস কৰিছে বহু পৰিয়াল। পিছে এইসকল বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ বিপৰীতে দেখা গ’ল ব্যাপক উছাহ। কিন্তু কিয়?

বান সংহাৰৰ মাজতে মৰাণৰ খোৱাঙত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য়। বিয়ানাম, আয়তীৰ উৰুলিৰে কপিছে মথাউৰি। মথাউৰিৰ ওপৰতে সম্পন্ন অগতানুগতিক বিবাহ। সামাজিক নীতি-নিয়ম, পৰম্পৰা অনুযায়ী গাঁৱৰ মহিলাসকলে অশেষ সমস্যাৰ মাজতো সম্পন্ন কৰিলে বিবাহকাৰ্য ৷

কিন্তু বিয়াখনক লৈ নাই কোনো জাক-জমকতা ৷ সামাজিক পৰম্পৰা অনুসৰি কইনাক নোৱাই-ধুৱাই বিয়ানাম, আয়তীৰ উৰুঁলিৰ মাজত সজাইছে পৰাইছে বানাক্ৰান্ত ৰাইজে৷ দুৰ্যোগৰ মাজতো বিয়াখনক লৈ ৰাইজৰ মাজত উচাহ । মথাউৰিৰ আশ্ৰয় শিৱিৰত এনেদৰেই ক’ৰবাত যদি সম্পন্ন হৈছে মৃতকৰ আদ্যশ্ৰাদ্ধ, আন কৰ’বাত সম্পন্ন হৈছে বিবাহ৷ মুঠতে যিমানেই দুৰ্যোগ আহিলেও সামাজিক নিয়ম, পৰম্পৰা এৰিব নোৱাৰে কোনেও ৷

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.