অসমদুৰ্ঘটনা

দুৰ্বৃত্ত নহয়, নিজ গৃহত নিজেই অগ্নিসংযোগ কৰি পলাল পুত্ৰ

নিজ গৃহতে অগ্নিসংযোগ কৰিলে ৰাজু দাস নামৰ এজন লোকে অগ্নিসংযোগ কৰিয়ে পলায়ন কৰে ৰাজু দাসে।

ঊষানগৰী তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰে নিশা নিশাৰ আন্ধাৰ ফালি বিয়পিল জুইৰ লেলিহান শিখা। কোনো দুৰ্বৃত্ত নহয়, নিজ বাসগৃহতে অগ্নিসংযোগ কৰিলে এজন লোকে।

এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ ৰঙাপুখুৰীপাৰত। ৰঙাপুখুৰীৰ পুনি দাসৰ বাসগৃহত শনিবাৰে সংঘটিত এই ঘটনা। নিজ গৃহতে অগ্নিসংযোগ কৰিলে পুনি দাসৰ পুত্ৰ ৰাজু দাসে। অগ্নিসংযোগ কৰিয়েই পলায়ন কৰে ৰাজু দাসে।

অগ্নিসংযোগ কৰাৰ ফলত নিমিষতে ছাৰখাৰ হয় ৰাজু দাসৰ বাসগৃহ। অগ্নিকাণ্ডত জাহ যায় ঘৰৰ সা-সম্পত্তি। অৱশ্যে, কি কাৰণত ৰাজু দাসে নিজৰ বাসগৃহত অগ্নি সংযোগ কৰিলে সেই কথাও এতিয়াও পোহৰলৈ অহা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.