Assamassam policeCity newsCMO AssamEducationHimanta Biswa SarmapoliticalRegionalSocialSocial Networkঅসমঅসম আৰক্ষীআঞ্চলিক

কটনৰ ছাত্ৰীৰ চৰম সিদ্ধান্তক লৈ চাঞ্চল্য

PGৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই চিকিৎসালয়ত মৃত্যু ছাত্ৰীৰ

কটনৰ ছাত্ৰীৰ চৰম সিদ্ধান্তক লৈ চাঞ্চল্যই বিৰাজ কৰিছে কটন কলেজৰ ছাত্ৰীৰ মাজত । উজান বজাৰৰ প্ৰণলয়া পি জিত আত্মহননৰ চেষ্টা এগৰাকী ছাত্ৰীৰ । উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী গৰাকীৰ নাম কালিনা বৰুৱা । পি জিৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আহত হৈছিল কালিনা । মঙলবাৰে পুৱা ৯.৩০ বজাত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনাটো । সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ছাত্ৰীগৰাকীক । অৱশেষত চিকিৎসালয়ত মৃত্যু হৈছে কালিনা বৰুৱাৰ । কালিনা বৰুৱাৰ ঘৰ মঙলদৈত । বিহুৰ কাৰণে পিতৃয়ে ঘৰলৈ নিবলৈ আহিছিল ছাত্ৰীগৰাকীক কিন্তু বাটতে পিতৃয়ে লাভ কৰে ছাত্ৰীগৰাকীৰ আত্মহননৰ খবৰ । বৰ্তমানেও দাখিল কৰা নাই পৰিয়ালৰ লোকে এজাহাৰ ।
আৰক্ষীয়ে ম’বাইল,এখন ডায়েৰী জব্দ কৰি আৰম্ভ কৰিছে তদন্ত ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.