অসমউৎসৱ

ভোগালীৰ ভোগে কঢ়িয়াই আনক আনন্দৰ বতৰা, মেজিৰ জুইত নিঃশেষ হওঁক অসূয়া-অপ্ৰীতি

পুহ মাহত পথাৰৰ শস্য ভঁৰালত ভৰাই অসমীয়া লোকে পালন কৰে ভোগালী বিহু। সকলোৱে একেলগ হৈ মেজি সেৱা কৰি জা-জলপান খাই আনন্দ কৰে অসমীয়াই।

আজি হেঁপাহৰ ভোগালী বিহু। ৰাজ্যৰ চৌদিশে ভোগালীৰ উচাহ। পুৱাই মেজি জ্বলাই অগ্নিদেৱতাক সেৱা কৰিলে চহা অসমীয়াই। পৰম্পৰাগতভাৱে অগ্নিদেৱতাক সেৱা প্রতিগৰাকী অসমীয়াৰ। মেজিৰ জুয়ে অসূয়া-অপ্রীতি দূৰ কৰাৰ উদ্দেশ্যে প্রাৰ্থনা কৰিলে অসমীয়াই।

ভোগালীৰ ভোগে কঢ়িয়াই আনক আনন্দৰ বতৰা, মেজিৰ জুইত নিঃশেষ হওঁক অসূয়া-অপ্ৰীতি
People gathering in front of a traditional flaming “Meji Ghar” on the occasion of ” Magh Bihu” the festival of feast in Guwahati on 14-01-06. Pix by UB Photos.

ক’ভিড আতংকৰ মাজতে এইবাৰো বিহু উদযাপন ৰাজ্যবাসীৰ। আজি পৱিত্র দুমাহীৰ দিনটোত হেঁপাহৰ বিহুক লৈ উলাহৰ অন্ত নাই ৰাজ্যবাসীৰ মাজত।

ভোগালীৰ ভোগে কঢ়িয়াই আনক আনন্দৰ বতৰা, মেজিৰ জুইত নিঃশেষ হওঁক অসূয়া-অপ্ৰীতি
Traditional Assamese Meji- a house made of straw, being burn by the village people of Parbatiya in Tezpur, Assam, during the Magh bihu celebration, the post harvesting festival on 15-01-11. PHOTO: UB PHOTOS.

পুহ মাহত পথাৰৰ শস্য ভঁৰালত ভৰাই অসমীয়া লোকে পালন কৰে ভোগালী বিহু। সকলোৱে একেলগ হৈ মেজি সেৱা কৰি জা-জলপান খাই আনন্দ কৰে অসমীয়াই।

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া লোকে ক’ভিড প্ৰট’কল মানি এইবাৰ বিহু উদযাপন কৰিছে। মেজিৰ জুয়ে সকলো অশান্তি-অসূয়া দূৰ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-সম্প্ৰীতিৰ বতৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button