অসমখেল

কিয় মেখেলা-চাদৰ পিন্ধি বেয়া পায় লাভলীনাই? কি ক’লে সংবাদ মাধ্যমৰ আগত?

লাভলীনাই কিয় মেখেলা-চাদৰ পিন্ধি বেয়া পায় বুলি প্ৰশ্ন কৰাত হাঁহি মুখেৰে উত্তৰ দিয়ে খেলুৱৈগৰাকীয়ে

টকিঅ’ত উজলিল অসম কন্যা। অসমবাসীৰ আশীষ শিৰত লৈ টকিঅ’ অলিম্পিকৰ ৬৯ কেজি বক্সিং খেলত ব্ৰঞ্জ জয় কৰিলে লাভলীনা বৰগোহাঁয়ে।

টকিঅ’ৰ পৰা উভতি বৃহস্পতিবাৰে অসমভূমিত ভৰি থোৱা লাভলীনাৰ বাবে আয়োজন কৰা হৈছে সম্বৰ্ধনা অনুষ্ঠান। শুকুৰবাৰে তাজ ভিভাণ্টাটো অসম বক্সিং সন্থা আৰু অসম অলিম্পিক সন্থাই আয়োজন কৰে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ।

সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আয়োজন কৰা প্ৰশ্নোত্তৰ শিতানত এগৰাকী সাংবাদিকে লাভলীনাক সোধে এটি সুন্দৰ প্ৰশ্ন। ছ’চিয়েল মিডিয়াত প্ৰায়ে প্ৰচাৰ হোৱা এটা কথা যে মেখেলা-চাদৰ পিন্ধি বেয়া পায় লাভলীনাই। লাভলীনাই কিয় মেখেলা-চাদৰ পিন্ধি বেয়া পায় বুলি প্ৰশ্ন কৰাত হাঁহি মুখেৰে উত্তৰ দিয়ে খেলুৱৈগৰাকীয়ে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লাভলীনাই কয় যে, আচলতে মেখেলা-চাদৰ পিন্ধি বেয়া নাপায় লাভলীনাই। যিহেতু লাভলীনাৰ উচ্চতা সাধাৰণ ছোৱালীতকৈ কিছু পৰিমাণে বেছি, সেয়েহে পিন্ধিবলৈ লোৱা মেখেলা-চাদৰযোৰ চুটি হয়। যাৰবাবে বহু দিন আগতেই মেখেলা-চাদৰ পৰিহাৰ কৰিছিল বক্সাৰগৰাকীয়ে।

বক্সাৰগৰাকীৰ এই উত্তৰে অৱশ্যে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত সকলোকে আমোদ দিয়া দেখা গ’ল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.