অসমআঞ্চলিককৃষি

চৰ্চাত মৰাণৰ বামুণবাৰীৰ ৮২ বছৰীয়া এজন অৱসৰ প্ৰাপ্ত শিক্ষক

৮৪বিধ বনৌষধি গছ সংৰক্ষণৰে আৰোগ্য কৰিছে বহুৰোগীক

৮৪বিধ বনৌষধি গছ সংৰক্ষণ কৰি চৰ্চাত মৰাণৰ বামুণবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক সৰু নাথ গগৈ। মৰাণৰ বামুণবাৰী অঞ্চলৰ টেঙাপানী গাঁৱৰ সৰু নাথ গগৈ নামৰ ৮২ বছৰীয়া প্ৰাক্তন শিক্ষক গৰাকীয়ে নিজৰ বাৰীত ৰোপন কৰা ভিন্ন ধৰণৰ ঔষধি গছ বিলাকে বহুৰোগীক আৰোগ্য কৰিছে।

 

অৱসৰৰ সময়খিনি সৎ ব্যৱহাৰ কৰি ৮৪ বিধ বনৌষধি গছ ৰোপন আৰু সংৰক্ষণ কৰি চৰ্চালৈ আহিছে মৰাণৰ বামুণবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক সৰু নাথ গগৈ। নিজৰ ঘৰৰ বাৰীতে ৰোপন কৰিছে ৮৪ বিধ বনৌষধি গছ। টেঙাপানী জনজাতি এম ই স্কুলৰ পৰা ২০০২ চনতে অৱসৰ গ্ৰহণ কৰি প্ৰাক্তন শিক্ষক গৰাকীয়ে মানুহৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰিব পৰা ঔষধি গছ সমূহ ৰোপন কৰিবলৈ আৰম্ভ কৰে।

 

 

তেতিয়াৰ পৰাই তেখেতে গছসমূহ অতি যতনেৰে সংৰক্ষণ কৰি ৰাখিছে। নিজৰ বাৰীৰ প্ৰায় চাৰে তিনি বিঘা মাটিত এই গছবিলাক ৰোপন কৰি সমগ্ৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখিছে। মৰাণ অঞ্চলৰ বহুলোকে এতিয়া বনৌষধি গছ বিচাৰি সৰু নাথ গগৈৰ ওচৰলৈ যায়। এই ঔষধি গছ বিলাক ব্যৱহাৰ কৰি বহুজনে আৰোগ্যও লাভ কৰিছে। প্ৰাক্তন শিক্ষক গৰাকীয়ে কোনোধৰণৰ মাননি নোলোৱাকৈ ৰাইজক ঔষধত ব্যৱহাৰ কৰা গছ বিলাক দিয়ে। প্ৰাক্তন শিক্ষকগৰাকীৰ এই কৰ্মৰাজিক এতিয়া ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 19 =

Back to top button