অসমদুৰ্ঘটনাশ্ৰেণীবিহীন

বনৰীয়া হাতী চাবলৈ গৈ উভতি নাহিল দুই ছাত্র

দুই ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্য তামুলপুৰত

তামুলপুৰ মহকুমাৰ লতিবাৰীৰ বৰলীয়াপাৰৰ পৰা সন্ধানহীন দুই ছাত্র।

শ্যামল শীলৰ ১৪ বছৰীয়া পুত্ৰ ৰাজীৱ শীল নিৰুদ্দেশ। সোমবাৰে সন্ধিয়া ৰাজীৱ দাসে মাজগাড়ী গাঁওৰ বিনন দাস নামৰ দহ বছৰীয়া ছাত্র এগৰাকীৰ লগত সন্ধিয়া ৫ বজাত ওলাই গৈছিল বনৰীয়া হাতীৰ জাক চাবলৈ। তাৰ পিছত দুয়োজন ছাত্র উভতি নাহিল ঘৰলৈ।

বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ছাত্র দুজনৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। ৰাজীৱ লতিবাৰী শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

দুই ছাত্ৰৰ সন্ধানত নামিছে নাগ্ৰীজুলি আৰক্ষীৰ দল। দুই ছাত্ৰ নিৰুদ্দেশক লৈ লতিবাৰী অঞ্চলত এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button