Covid-19Socialঅপৰাধঅসমস্বাস্থ্য

মাক্স নিপিন্ধাৰ বাবে চিকিৎসকে মৰিয়ালে ৰোগীৰ আত্মীয়ক!

দুৰ্ব্যবহাৰ কৰা চিকিৎসকেও পৰিধান কৰা নাছিল মাক্স

লখিমপুৰৰ নাওবৈচাত মাক্স পিন্ধা নিপিন্ধাক লৈ দুৰ্বাদল কাজিয়া ৰোগী আৰু চিকিৎসকৰ মাজত। লখিমপুৰ জিলাৰ নাওবৈছাত চিকিৎসাৰ বাবে যোৱা ৰোগীৰ মাতৃক গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিলে চিকিৎসকে।

এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ গড়চিগা ৰাজ্যিক চিকিৎসালয়ত। মহিলা চিকিৎসক মমতা যাদৱৰ বিৰূদ্ধে ৰোগীক দুৰ্ব্যবহাৰ কৰাৰ গুৰুতৰ অভিযোগ আনিছে চিকিৎসাৰ বাবে যোৱা এগৰাকী ৰোগীৰ মাতৃয়ে।

ৰোগাক্ৰান্ত কন্যাক চিকিৎসাৰ বাবে লৈ যোৱা মাতৃগৰাকীয়ে মাক্স নিপিন্ধাৰ বাবেই চিকিৎসা কৰাৰ সলনি মৰিয়াই গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিয়ে ডাক্তৰ আৰু চিকিৎসা কৰ্মীসকলে।

ঘটনাৰ সময়ত চিকিৎসালয়খনৰ চিকিৎসক মমতা যাদবেও মাক্স পৰিধান কৰা নাছিল বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.