অপৰাধঅসম

এইবাৰ ড্ৰাগছ নহয়, জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ আফিং…

মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ আফিং।

সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ সময়তে গোসাইগাঁও আৰক্ষীয়ে জব্দ কৰিছে আন এক নিচাযুক্ত সামগ্ৰী। মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ আফিং।

এখন ট্ৰাকত লুকুৱাই অনা অৱস্থাত বৃহৎ পৰিমাণৰ আফিং উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচী চলাই থকা অৱস্থাত এখন ট্ৰাকত উদ্ধাৰ কৰে আফিংখিনি।

ট্ৰাকখনৰ তেলৰ টেংকিৰ তলত লুকুৱাই লৈ অহা ২০ পেকেট আফিং উদ্ধাৰ কৰে যদিও ট্ৰাকৰ চালক-খালাচীসকলে ছেগ বুজি পলায়ন কৰে। জব্দকৃত আফিঙৰ মূল্য প্ৰায় ৫০ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.