অসমদুৰ্ঘটনা

ঢেঁকীয়া বুটলিবলৈ যাওঁতেই ভৰা নৈত উটি গ’ল কণমানি…

মঙলবাৰে, পুৱাৰ ভাগতেই দুই ভাতৃয়ে সোমদিৰি নৈৰ পাৰত ঢেঁকীয়া বুটলিবলৈ গৈছিল

লখিমপুৰৰ সোমদিৰী নৈত অঘটন। সোমদিৰী নৈৰ পূব চান্দমাৰিত সংঘটিত হৈছে এক কৰুণ ঘটনা। ঢেঁকীয়া বুটলিবলৈ যাওঁতেই নৈত সন্ধানহীন হ’ল ৮ বছৰীয়া কণমানি।

 

মঙলবাৰে, পুৱাৰ ভাগতেই দুই ভাতৃয়ে সোমদিৰি নৈৰ পাৰত ঢেঁকীয়া বুটলিবলৈ গৈছিল। কিন্তু হঠাৎ প্ৰবল বৃষ্টিপাত হোৱাত বৃদ্ধি পায় নৈৰ জলস্তৰ। ঢেঁকীয়া বুটলি হাতত ধৰা ধৰিকৈ দুই ভাতৃয়ে নৈ পাৰ হ’বলৈ লওঁতেই দুৰ্ভাগ্যবশতঃ উটি যায় ৮ বছৰীয়া কণমানি আলফাছ আলী।

 

সন্ধানহীন আব্দুৰ ৰচিদৰ পুত্ৰ আলফাছ আলীক বিচাৰি বৰ্তমানেও অব্যাহত আছে SDRFৰ অভিযান। এই ঘটনাৰ পিছতে অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.