জীৱনশৈলী

ভাৰতী-হর্ষৰ জীৱনলৈ নতুন আলহী, কমেডী কুইনৰ কোলা শুৱনি কৰিলে এটি দেৱশিশুৱে…

এটা কম্বল বনোৱা ফেক্টৰিত কাম কৰি ভাৰতীৰ মাতৃয়ে অতি কষ্টৰে ঘৰৰ সদস্যৰ বাবে খাদ্যৰ যোগাৰ কৰিছিল। আৰ্থিক অনাটনৰ বাবে ভাৰতীৰ দুই ভাতৃ-ভগ্নীয়ে পঢ়া-শুনা এৰি মাকৰ সৈতে কামত সহায় কৰি ভাৰতীক পঢ়োৱাৰ দায়িত্ব পালন কৰিছিল।

আমি ক’বলৈ ওলাইছো কমেডী কুইন ভাৰতী সিঙৰ কথা, যাৰ নাম শুনিলেই প্ৰত্যেকৰে মুখত ফুটি উঠে এটি মিচিকিয়া হাঁহি। হাঁহিৰ খোৰাক যোগাই আনক হঁহোৱাই ভালপোৱা কমেডী কুইন ভাৰতী সিং আৰু হর্ষ লিম্বাচিয়া এতিয়া পিতৃ-মাতৃ হ’ল। ৩ এপ্ৰিলত তেওঁলোকে নিজৰ জীৱনলৈ আদৰণি জনালে তেওঁলোকৰ প্ৰথমটি সন্তানক।

 

ভাৰতী-হর্ষৰ জীৱনলৈ নতুন আলহী, কমেডী কুইনৰ কোলা শুৱনি কৰিলে এটি দেৱশিশুৱে...

ধনী হওঁক বা দুখীয়া, সপোন দেখাৰ অধিকাৰ সকলোৰে আছে। এগৰাকী সাধাৰণ ছোৱালীৰ দৰে ভাৰতী সিঙেও কিছুমান সপোন দেখিছিল। অৱশ্যে আৰ্থিক অনাটনৰ বাবে তেওঁৰ সপোনখিনি আধাতে সামৰিবলগীয়া হৈছিল। ১৯৯৫ চনৰ ৩ জুলাইত পঞ্জাৱৰ এখন সৰু চহৰ অমৃতসৰত জন্মলাভ কৰা ভাৰতীয়ে ২ বছৰ বয়সতে নিজৰ পিতৃক হেৰুৱাইছিল। এটা কম্বল বনোৱা ফেক্টৰিত কাম কৰি ভাৰতীৰ মাতৃয়ে অতি কষ্টৰে ঘৰৰ সদস্যৰ বাবে খাদ্যৰ যোগাৰ কৰিছিল। আৰ্থিক অনাটনৰ বাবে ভাৰতীৰ দুই ভাতৃ-ভগ্নীয়ে পঢ়া-শুনা এৰি মাকৰ সৈতে কামত সহায় কৰি ভাৰতীক পঢ়োৱাৰ দায়িত্ব পালন কৰিছিল।

ভাৰতী-হর্ষৰ জীৱনলৈ নতুন আলহী, কমেডী কুইনৰ কোলা শুৱনি কৰিলে এটি দেৱশিশুৱে...

পঢ়া-শুনা, খেলা-ধূলাত যথেষ্ট ভাল ফলাফল দেখুওৱা ভাৰতী সিং আছিল এজন নেশ্যনেল লেভেল শ্বুটাৰ আৰু আৰ্চাৰ। পঞ্জাৱ টেকনিকেল ইউনিভাৰ্ছিটিত স্কলাৰশ্বিপ পোৱা ভাৰতীয়ে অলিম্পকত ভাৰতক প্ৰতিনিধিত্ব কৰিব বিচাৰিছিল যদিও অৰ্থৰ অভাৱৰ বাবে সেই সপোনো আধাতে সামৰিছিল। কিন্তু এটা সিদ্ধান্তই সলনি কৰিছিল ভাৰতীৰ জীৱন। কৌতুকৰ জৰিয়তে জীৱনৰ কেৰিয়াৰ আৰম্ভণি কৰে ভাৰতীয়ে আৰু পৰৱৰ্তী সময়ত বহু প্ৰত্যাহ্বানৰ অন্তত সকলোৰে বাবে এটা চিনাকী নাম হৈ পৰে-ভাৰতী সিং।

ভাৰতী-হর্ষৰ জীৱনলৈ নতুন আলহী, কমেডী কুইনৰ কোলা শুৱনি কৰিলে এটি দেৱশিশুৱে...

ওজন বেছি হোৱাৰ বাবেই কেতিয়াও প্ৰেম, বিবাহৰ কথা নভবা ভাৰতীৰ জীৱনলৈ হঠাৎ আগমন ঘটিছিল এজন লেখকৰ। জুনিয়ৰ লেখক হর্ষ লিম্বাছিয়াই সলনি কৰিছিল ভাৰতীৰ জীৱন। অৱশেষত সাত বছৰীয়া প্ৰেমৰ অৱসান ঘটাই বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। ২০১৭ চনৰ ৩ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা ভাৰতী-হৰ্ষৰ জীৱনলৈ দেওবাৰে উপহাৰ হিচাপে আহিল এক দেৱশিশু। এটি পুত্ৰ সন্তানে শুৱনি কৰিলেহি ভাৰতীৰ কোলা।

ভাৰতী-হর্ষৰ জীৱনলৈ নতুন আলহী, কমেডী কুইনৰ কোলা শুৱনি কৰিলে এটি দেৱশিশুৱে...

ভাৰতীয়ে পুত্ৰ সন্তানৰ আগমনৰ কথা ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে অৱগত কৰাৰ পিছতে সকলোৱে শুভকামনাৰে ওপচাই পেলায় ভাৰতী আৰু হৰ্ষক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 14 =

Back to top button