অপৰাধঅসমআঞ্চলিক

কোকৰাঝাৰত পুনৰ চলিল আৰক্ষীৰ বন্দুক

কোকৰাঝাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে চিলনী চোৰক। কোকৰাঝাৰত ঠিকাদাৰৰ পৰা ছয় লাখ টকা লুটি নিছিল চোৰটোৱে।

কোকৰাঝাৰত ধাৰাবাহিক এনকাউণ্টাৰ অব্যাহত।এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে চিলনী চোৰক।
চিলনী চোৰটোৰ নাম বিনয় দাস। বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষীথানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা বিনয় দাস।
কোকৰাঝাৰত ঠিকাদাৰৰ পৰা ছয় লাখ টকা লুটি নিয়া চিলনী চোৰক এনকাউণ্টাৰ কোকৰাঝাৰ আৰক্ষীৰ।

বিনয় দাসে তেওঁৰ সহযোগীৰ সতে মিলি যোৱা ২২ জুনত কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখত গৗজৗনপুৰীৰ নিবাসী তথা ঠিকাদাৰ বব্ৰুবাহন বসুমতাৰী না৷ৰ ঠিকাদাৰজনৰ পৰা নগদ ৬ লাখ টকা লুট কৰি নিছিল ।

অৱশ্যে বৰ্ণিহাটত ৰাইজে খেদি খেদি চিলনী চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। চোৰটোক প্ৰথমে মেঘালয় আৰক্ষীৰ পৰা গুৱাহাটীৰ পানবজাৰ আৰক্ষীয়ে লৈ অনা হয়  আৰু পিছত যোৱা ২ জুলাইত পানবজাৰ আৰক্ষী থানাৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে চিলনী চোৰটোক নিজৰ জিম্মালৈ লৈ আনে ।

ইপিনে চিলনী চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে নিশা জিলাখনৰ বালাজান কাৰিগাঁৱত ঠিকাদাৰ পৰা লুট কৰি নিয়া টকাৰ খালি বেগটো উদ্ধাৰ কৰিবলৈ ৰাওনা হয়৷ বেগটো উদ্ধাৰৰ পিছতে উভতি অহাৰ সময়তে বিনয় দাসে আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰে।

তেতিয়া আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত  এটা ভৰিত গুলীবিদ্ধ হৈ চিলনী চোৰ বিনয় দাস গুৰুতৰভাৱে আহত হয় ।পিছত আহত বিনয় দাসক আৰক্ষীয়ে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.