দৈনিক বাতৰি

‘মা কালী হৈছে মাংসভোজী, মদিৰা গ্ৰহণ কৰা দেৱী’, মা কালীক লৈ এতিয়া চৌদিশে বিতৰ্ক…

'যেতিয়া কোনো লোক ছিকিমলৈ যায়, তেন্তে তাত ভগৱানক হুইচকী দিয়াটো স্বাভাৱিক। কিন্তু কোনো লোক যদি উত্তৰ প্ৰদেশলৈ গৈ সেই ঠাইৰ লোকক ছিকিমৰ লোকে ভগৱানক প্ৰসাদ হিচাপে হুইচকী দিয়ে বুলি কয়, তেন্তে তেওঁলোকে এয়া ঈশ্বৰক নিন্দা কৰা হৈছে বুলি ক'ব'।

মা কালীৰ প্ৰিয় হৈছে মাংস আৰু মদিৰা! এখন পোষ্টাৰে সৰ্বত্ৰ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এখন তথ্যচিত্ৰৰ পোষ্টাৰৰ প্ৰতিক্ৰিয়া কৰি মঙলবাৰে, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মৈত্ৰে কয় যে, ‘মোৰ বাবে কালী হৈছে মাংসভোজী, মদিৰা গ্ৰহণ কৰা দেৱী। নিজৰ দেৱীক নিজৰ মতে কল্পনা কৰাৰ স্বাধীনতা সকলোৰে আছে। এনেকুৱা কিছুমান ঠাই আছে, য’ত ভগৱানক হুইচকী প্ৰসাদ হিচাপে অৰ্পণ কৰা হয়। কিন্তু কিছুমান ঠাইত এনে কৰিলে ঈশ্বৰক নিন্দা কৰা হয়’।

 

‘যেতিয়া কোনো লোক ছিকিমলৈ যায়, তেন্তে তাত ভগৱানক হুইচকী দিয়াটো স্বাভাৱিক। কিন্তু কোনো লোক যদি উত্তৰ প্ৰদেশলৈ গৈ সেই ঠাইৰ লোকক ছিকিমৰ লোকে ভগৱানক প্ৰসাদ হিচাপে হুইচকী দিয়ে বুলি কয়, তেন্তে তেওঁলোকে এয়া ঈশ্বৰক নিন্দা কৰা হৈছে বুলি ক’ব’।

 

India Today Conclave Eastৰ দ্বিতীয় দিনটোত মাহুৱা মৈত্ৰে চিগাৰেট হুপি থকা মা কালীৰ এখন পোষ্টাৰক লৈ দৰ্শকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। অলপতে ছ’চিয়েল মিডিয়াত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে এখন তথ্যচিত্ৰৰ পোষ্টাৰ। বহুতেই এই পোষ্টাৰখনে হিন্দু লোকৰ আৱেগ আৰু হিন্দু ধৰ্মত আঘাত সনা বুলি মন্তব্য কৰিছে।

 

ছবি নিৰ্মাতা লীনা মানিমেকালায়ে ছ’চিয়েল মিডিয়াত এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ পাছতে সৃষ্টি হৈছে বিতৰ্কৰ। পোষ্টাৰখনত মা কালীৰ পোছাক পিন্ধি এগৰাকী মহিলাই চিগাৰেট হুপি থকা দেখা গৈছে। মা কালীৰ অস্ত্ৰ ত্ৰিশূলৰ সলনি পোষ্টাৰত থকা মহিলাগৰাকীয়ে হাতত লৈ আছে LGBTQ+প্ৰাইড ফ্লেগ।

 

তথ্যচিত্ৰখনৰ পোষ্টাৰ ভাইৰেল হোৱাৰ পিছতেই ছবি নিৰ্মাতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনাইছে অধিকাংশ লোকে। অৱশ্যে, ছবি নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ’ব সেয়া পৰৱৰ্তী সময়ত হে পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + sixteen =

Back to top button