Socialঅপৰাধৰাজস্থান

বিস্কুট খুৱাই খেতিপথাৰলৈ মাতি নি ৭ বছৰীয়া ভাগিনীয়েকক ধৰ্ষণ কৰি হত্যা কৰা পাষাণ মোমায়েকৰ ফাঁচীৰ ৰায় দিলে আদালতে…

দীনেশ জাটে ভাগিনীয়েকক ওচৰৰ এখন খেতি পথাৰলৈ ফুচলাই নি বিস্কুট আৰু কুৰকুৰি খোৱাই ধৰ্ষণ কৰে। কেৱল ধৰ্ষণ কৰাই নহয়, নিজৰ কুকৰ্ম ঢাকিবলৈ খেতি পথাৰতে নিৰ্মমভাৱে হত্যা কৰে ভাগিনীয়েকক।

পাষাণ মোমায়েকৰ হাতত ধৰ্ষিতা কণমানি ভাগিন। খেতি পথাৰলৈ ফুচুলাই নি ৭ বছৰীয়া কণমানিক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰিলে ২৫ বছৰীয়া মোমায়েকে।

মাত্ৰ এমাহ পূৰ্বে সংঘটিত হৈছিল এই জঘন্য কাণ্ড। ৰাজস্থানৰ নাগোৰ পাদুকলাং থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছিল এই ঘটনা। ২০ ছেপ্টেম্বৰৰ বিয়লি দীনেশ জাট নামৰ নিচাসক্ত লম্পট মোমায়েকে কুকুৰলৈ ভয় কৰাৰ অভিনয় কৰি ভাগিনীয়েকক সহায়ৰ হাত বিচাৰে। ৭ বছৰীয়া কণমানিজনীয়েও মোমায়েকৰ কথাত ভোল গৈ মোমায়েকক আগবঢ়াবলৈ যায়।

দীনেশ জাটে ভাগিনীয়েকক ওচৰৰ এখন খেতি পথাৰলৈ ফুচলাই নি বিস্কুট আৰু কুৰকুৰি খোৱাই ধৰ্ষণ কৰে। কেৱল ধৰ্ষণ কৰাই নহয়, নিজৰ কুকৰ্ম ঢাকিবলৈ খেতি পথাৰতে নিৰ্মমভাৱে হত্যা কৰে ভাগিনীয়েকক।

ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দীনেশ জাটক। দীনেশ জাটৰ ফাঁচীৰ দাবীৰে স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ। অৱশেষত সকলোৰে মনত কিছু সকাহ দি ৭ বছৰীয়া ভাগিনীয়েকক ধৰ্ষণ কৰি হত্যা কৰা দীনেশ যাটৰ ফাঁচীৰ ৰায়দান দিয়ে নাগোৰ আদালতে। ঘটনাৰ মাত্ৰ ৩০ দিনৰ ভিতৰতে ন্যায় পালে ভুক্তভোগী পৰিয়ালটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.