জম্মু-কাশ্মীৰৰাষ্ট্ৰীয় সুৰক্ষা

পুনৰ সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষঃ জম্মু-কাশ্মীৰত পুৱাই নিহত এটা সন্ত্ৰাসবাদী…

দুয়ো পক্ষৰ গুলীচালনাত এজন সন্ত্ৰাসবাদী নিহত হৈছে। অৱশ্যে এতিয়ালৈকে সন্ত্ৰাসবাদীজন চিনাক্ত কৰিব পৰা হোৱা নাই।

জম্মু-কাশ্মীৰত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। শুকুৰবাৰে পুৱাই কাশ্মীৰৰ শ্বপিয়ানৰ ৰাখামা অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী।

অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে শ্বপিয়ান জিলাৰ ৰাখামা গাঁৱত আৰম্ভ কৰে তালাচী অভিযান ।

ইফালে নিৰাপত্তাৰক্ষীৰ এই তালাচী অভিযানৰ কথা জানিব পাৰি নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি প্ৰথমে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। ফলস্বৰূপে সন্ত্ৰাসবাদীক গুলী চালনা কৰিবলৈ উদ্যত হয় নিৰাপত্তাৰক্ষী। দুয়ো পক্ষৰ গুলীচালনাত এজন সন্ত্ৰাসবাদী নিহত হৈছে। অৱশ্যে এতিয়ালৈকে সন্ত্ৰাসবাদীজন চিনাক্ত কৰিব পৰা হোৱা নাই।

বৰ্তমানেও অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান চলি আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + fifteen =

Back to top button