Socialঅসমআঞ্চলিকদৈনিক বাতৰি

হত্যা নে আত্মহত্যা? কাজিৰঙাত উদ্ধাৰ বনকৰ্মীৰ মৃতদেহ

মৃত্যুৰ কিছু সময় পূৰ্বলৈ পত্নীৰ সৈতে ফোনযোগে কান্দি কান্দি কথা পাতিছিল বুলি প্ৰকাশ পৰিয়ালৰ লোকৰ

কাজিৰঙাত উদ্ধাৰ বনকৰ্মীৰ মৃতদেহ। শনিবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয় বনকৰ্মীজনৰ মৃতদেহটো। বাগৰি বনাঞ্চলৰ অধীনৰ ডাফলাং বন শিবিৰত কৰ্তব্যৰত আছিল বনকৰ্মীজন।

ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা বনকৰ্মীজনৰ নাম প্ৰবীণ শইকীয়া। মৃত প্ৰবীণ শইকীয়াৰ ঘৰ কুঠৰীত।
কাজিৰঙাৰ বন বিভাগে এই মৃত্যু আত্মহত্যাৰ কাণ্ড বুলি সন্দেহ কৰিছে। ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ বন বিভাগৰ।

আনহাতে পৰিয়ালৰ ভাষ্য অনুসৰি এয়া আত্মহত্যাৰ ঘটনা নহয়। পৰিয়ালৰ অভিযোগ অনুসৰি, বনকৰ্মীজন অত্যাধিক মানসিক চাপত ভুগি আছিল। মৃত্যুৰ কিছু সময় পূৰ্বলৈ পত্নীৰ সৈতে ফোনযোগে কান্দি কান্দি কথা পাতিছিল বুলি প্ৰকাশ পৰিয়ালৰ লোকৰ।

অৱশ্যে, এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button