অসমউৎসৱকৃষিখাদ্যধৰ্মীয়বতৰসংস্কৃতি

“তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে” আজি কাতি বিহু! কি এই কাতি বিহুৰ বিশেষত্ব?

আজি কাতি বিহু। আকাশ বন্তিৰ আলোকে সমাজৰ এন্ধাৰ বিনাশ কৰি আনক শান্তি - সমৃদ্ধি।

“তুলসীৰ তলে তলে মৃগ পহু চৰে।
তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে।”
কৃষিজীৱি অসমীয়াৰ পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে – অসমবাসীলৈ কাতি বিহুৰ অলেখ শুভেচ্ছা।
আকাশ বন্তিৰ আলোকে সমাজৰ এন্ধাৰ বিনাশ কৰি আনক শান্তি – সমৃদ্ধি।


আজি কাতি বিহু।
বিহু অসমৰ জাতীয় উৎসৱ। বিহু অসমীয়া সমাজৰ প্ৰাণ,অসমীয়াৰ প্ৰাণৰ স্পন্দন। বিহুক বাদ দি অসমীয়া সমাজখনৰ অস্তিত্বৰ কথা ভাবিব নোৱাৰি। সীমাহীন আনন্দ, উলহ-মালহেৰে অসমীয়াৰ হিয়াৰ আমঠু বিহুক সামাজিক উৎসৱ তথা সামুহিক প্ৰকাশৰ ফল বুজি সমাজ তাত্ত্বিকসকলে গণ্য কৰি আহিছে।


সৃষ্টিৰ নিয়ম মানি সময়ৰ চিৰন্তন ৰীতিকে সাৰোগত কৰি ঋতুৰ বুকুত ঋতুৱে বাগৰ সলায়। সলনি হয় মাহৰ পিছত মাহ। এনেদৰে বছৰৰ এই সময়খিনিত প্ৰকৃতিৰ বুকুলৈ নামি আহে শৰৎ কাল। এই শৰততে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এদিনীয়াকৈ পালন কৰা হয় কাতি বিহু। এই সময়চোৱা অসমৰ কৃষিজীৱি সমাজৰ অনাটনৰ সময়। অধিকাংশ কৃষকৰে ভঁৰালত ধানমুঠি নোহোৱা হয়। বাৰীত শাক-পাচলিবো নাটনিৰ দিন। সেয়েহে প্ৰকৃতিৰ ওপৰত সদায় নিৰ্ভৰশীল খেতিয়কে ভৱিষ্যতৰ একমাত্ৰা আশা-ভৰষাৰ স্থল তথা সোণালী সপোন স্বৰুপ পথাৰৰ ধাননিডৰাৰ মংগলৰ কাৰণেই আচলতে পথাৰ,ভঁৰাল আৰু তুলসীৰ তলত চাকি জ্বলায়। পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই আকাশ বন্তি জ্বলায়। এয়াই হৈছে কাতি বিহুৰ বিশেষত্ব।


কাতি বিহুক কঙালী বিহু বোলে। এই সময়তে পথাৰৰ ধান শস্য-সম্ভৱা হৈ পৰে। কাতি বিহুৰ দিনা ভঁৰাল, পথাৰ সকলোতে চাকি জ্বলাই ধান মুঠিৰ অধিক উৎপাদন কামনা কৰা হয়।


পথাৰত চাকি জ্বলোৱাৰ এক বিজ্ঞানসন্মত কাৰণো আছে। আহিন-কাতি মাহত চৰহা পোক বৰ বেছি হয়। পথাৰ, ঘৰে ঘৰে চাকি জ্বলোৱাৰ ফলত ৰাতি প্রজ্বলিত চাকিব শিখাত পৰি কিছু হ’লেও চৰহা পোকৰ মৃত্যু হৈ কৃষকক ৰক্ষা কৰে।
সংক্ৰান্তিৰ দিনা প্রতিঘৰ অসমীয়া মানুহৰ ঘৰতে চোতালত তুলসীৰ ভেটি সাজি তুলসী বোৱে আৰু গধুলি সৰু সৰু ল’ৰা ছোৱালীবোৰে প্ৰসাদ আগবঢ়াই প্রার্থনা জনায়। এয়া বিভিন্ন ঔষধি গুণেৰে পৰিপুষ্ট তুলসী গছ একোজোপা প্রতি ঘৰ মানুহৰ ঘৰত ৰোপন কৰাৰ এক দূৰদৰ্শী সংস্কৃতিপূর্ণ ব্যৱস্থা।

কাতি বিহু বা কঙালী বিহু অসমীয়া সমাজ বা সংস্কৃতিৰ যেনেদৰে এটি নিতান্তই প্ৰয়োজনীয় অংগস্বৰূপ, সেইদৰে এই বিহু উৎসৱৰ লগত পৰম্পৰাগতভাৱে প্ৰচলিত নিয়মসমুহৰো প্ৰয়োজনীয়তা কোনো পধ্যে নুই কৰিব নোৱাৰি। এই নিয়মসমুহ সংস্কাৰশীল।

প্ৰকৃততে উৎসৱ আহে সামাজিক,ধৰ্মীয় ৰীতি-নীতি আৰু কেতিয়াবা লৌকিকতাৰ মাজেৰে। উৎসৱৰ অৰ্থই হ’ল আনন্দ-মিলনৰ অনুভুতি,ভক্তি-ভাৱনা,লোক-বিশ্বাস আৰু ইজনে সিজনক প্ৰেৰণ কৰা স্বত:স্ফুৰ্ত প্ৰেম।

মুঠৰ ওপৰত এতিয়া দুৰ্গাপূজাৰ পাৰভগা উৎসাহ-উদ্দীপনাৰ সমান্তৰালকৈ প্ৰতিজন অসমীয়া প্ৰস্তুত হৈছে প্ৰাণৰ উৎসৱ কাতি বিহু উদযাপনৰ নিমিত্তে।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

sixteen + two =

Back to top button