leatest updateঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

দুৰ্ঘটনা সঁচাকৈয়ে প্ৰত্যক্ষ কৰিছিল নে প্ৰণৱ দাসে! মিছা মাতিছে নেকি প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে…

ৰহস্যৰ আৱৰ্তত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ ভাষ্য।

জোনমণি ৰাভাৰ মৃত্যুয়ে লৈছে ন ৰূপ। পোহৰলৈ আহিছে এটাৰ পিছত এটা ন ন তথ্য। জোনমণি ৰাভাৰ দুৰ্ঘটনাক হত্যাৰ ৰূপ দিছিল ট্ৰাক চালক প্ৰণৱ দাসে। জোনমণিৰ মৃত্যু নিজে প্ৰত্যক্ষ কৰাৰ কথা ব্যক্ত কৰিছিল প্ৰণৱে। কিন্তু এতিয়া পোহৰলৈ আহিছে অন্য এক তথ্য। প্ৰণৱ দাসৰ ওপৰত প্ৰশ্ন উঠিছে যে, দুৰ্ঘটনা সঁচাকৈয়ে প্ৰত্যক্ষ কৰিছিল নে প্ৰণৱ দাসে? মিছা মাতিছে নেকি প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে? পোনৰ ৰহস্যৰ আৱৰ্তত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ ভাষ্য। কি কলে প্ৰণৱ দাসৰ গাড়ীৰ স্বত্বাধিকাৰীয়ে।

প্ৰথম খবৰ’ৰ হাতত প্ৰণৱ দাসৰ গাড়ীৰ স্বত্বাধিকাৰীৰ মন্তব্য…

‘মৃত্যুৰ দিনা গুৱাহাটীলৈ যোৱাই নাছিল প্ৰণৱ দাস। চলোৱা নাছিল AS-12CC-0657 নম্বৰৰ বাহনখন। সোমবাৰে দিনত কলিয়াবৰৰ পৰা শিলগুটি কঢ়িয়াইছিল বাহনখনে। CCTVত বন্দী বাহনখনৰ সমগ্ৰ দৃশ্য। পৰবৰ্তী সময়ত ৰাজহুৱা বিতৰণ সেৱাৰ চাউল কঢ়িয়াইছিল বাহনখনে। সোমবাৰে সন্ধিয়া কলিয়াবৰৰ পৰা বোকাখাতলৈ কঢ়িয়াইছিল শিলগুটি। যাত্ৰাপথত জখলাবন্ধাত ঠিক কৰিছিল বাহনখনৰ লাইট। নচিব অটো ইলেক্ট্ৰিকছৰ কাৰখানাত মেৰামতি কৰিছিল। দুৰ্ঘটনাৰ নিশা ১০ মান বজাত বোকাখাতত আছিল গাড়ীখন।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 13 =

Back to top button