leatest updateদৈনিক বাতৰিভাৰত

বন্ধ হ’ল ২০০০ টকাৰ নোট। আপোনাৰ পেৰাত সাচি থৈছে নেকি ২০০০ টকীয়া নোট। এতিয়া কি কৰিব এই নোট?

মাত্ৰ ২০২৩ৰ ৩০ ছেপ্টেম্বৰলৈ বৈধ বিবেচিত হ'ব ২০০০ টকীয়া নোট।

বন্ধ হ’ল ২০০০ টকাৰ নোট। আপোনাৰ পেৰাত সাচি থৈছে নেকি ২০০০ টকীয়া নোট। কি কৰিব এই টকা?

দেশত পুনৰ বিমুদ্ৰাকৰণ। ভাৰতীয় ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই বন্ধ কৰিব ২০০০ টকীয়া নোটৰ প্ৰচলন। মাত্ৰ ২০২৩ৰ ৩০ ছেপ্টেম্বৰলৈ বৈধ বিবেচিত হ’ব ২০০০ টকীয়া নোট। পিছে আপোনাৰ হাতত থকা ২০০০ টকীয়া নোটক কি কৰিব?বেংকত সলনি কৰিব পাৰিবনে এই নোট। জানক সবিশেষ…

ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাইছে যে এতিয়া ২০০০ টকাৰ বেংক নোট বন্ধ হ’ব। পিছে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ হাতত থকা ২০০০ টকীয়া নোট আপুনি বেংকত গৈ সলাব পাৰিব। ২০০০ টকীয়া নোটখন প্ৰচলনৰ বন্ধ কৰা হৈছে যদিও এই বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈকে ইয়াক বৈধ মুদ্ৰা হিচাপে গণ্য কৰা হ’ব। গতিকে ২৩মে’ৰ পৰা ৩০ ছেপ্তেম্বৰ ২০২৩লৈকে এই নোট আপুনি বেংকত সলনি কৰিব পাৰিব। এদিনত এজনে সলাব পাৰিব মাত্ৰ ২০,০০০ টকা।

ভাৰতীয় ৰিজাৰ্ভ বেংকে কৈছে যে জনসাধাৰণে এতিয়া তেওঁলোকৰ বেংক একাউণ্টত ২০০০ টকীয়া নোট জমা কৰিব পাৰিব। অথবা এই নোটবোৰ সলনি কৰিবলৈ বেংকলৈও যাব পাৰে। এইবোৰ কোনো বাধা-নিষেধ নোহোৱাকৈ সাধাৰণ পদ্ধতিৰে বেংকত জমা কৰিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.