অসমজীৱনশৈলীফেশ্বন

আকৰ্ষণীয় অলংকাৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে ৭ গৰাকী মহিলা

মাহিলি উপাৰ্জন কৰে প্ৰায় ৬০ হাজাৰ টকা

মাত্ৰ ৩৫০০ টকা বিনিয়োগ কৰি আৰম্ভ কৰা এটি ক্ষুদ্ৰ উদ্যোগৰ জড়িয়তে এতিয়া এবছৰৰ পিছত উপাৰ্জন কৰে মাহিলি প্ৰায় ৬০ হাজাৰ টকা। নতুন কৌশল অৱলম্বন কৰি বাঁহ, চন্দন, পদুম, মনিছাল, বগৰীৰ লগতে বিভিন্ন ফল-মূল আৰু গছ-লটিকাৰ গুটিৰে বিভিন্ন আকৰ্ষণীয় অলংকাৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়া জয়পুৰৰ লেবাংকুলা গাঁৱৰ পাটকাই এছএছজিৰ ৭ গৰাকীকৈ মহিলা। সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা এই অলংকাৰ এতিয়া ৰাজ্যজুৰি সমাদৃত হৈ উঠিছে।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা নাহৰকটীয়া জয়পুৰৰ লেবাংকুলা গাঁৱৰ এইসকল মহিলাই এবছৰ পূৰ্বে অসম বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰকল্পৰ অধীনত মাত্ৰ ২৫ দিনত বেম্ব’ ক্ৰাফ্টৰ ওপৰত এখন বিনামূলীয়া কৰ্মশালাত অংশ লয় । ইয়াৰ পাছতে গ্ৰেণ্ডীং, বাঁহ, আৰু গ্ৰীল মেচিনৰ সহায়ত বাঁহ, চন্দন, পদুম, মনিছাল, বগৰীৰ লগতে বিভিন্ন ফল-মূল আৰু গছ-লটিকাৰ গুটি ব্যৱহাৰ কৰি তৈয়াৰ কৰি উলিয়াইছে এইসমূহ আ-অলংকাৰৰ লগতে সৌন্দৰ্যবৰ্ধনৰ সা-সামগ্ৰী । ইফালে মহিলা সকলে নিৰ্মাণ কৰা এইসমূহ সামগ্ৰী গুৱাহাটী মহানগৰীকে ধৰি ডিব্ৰুগড় চহৰত থকা অসম চৰকাৰৰ বনসৃষ্টি কেন্দ্ৰত বিক্ৰী কৰি মাত্ৰ ছয় মাহতে লাভ কৰিছে লক্ষাধিক টকা । ৩৫০ টকাৰ পৰা আৰম্ভ কৰি দুই হাজাৰ টকা পৰ্যন্ত দামী এইসমূহ বাঁহৰ অলংকাৰ নিৰ্মাণ কৰিবলৈ ব্যৱহৃত হোৱা গুটি সমূহ বিচাৰি উলিয়াবলৈ মহিলাসকলে যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগা হয় । তথাপি স্বাৱলম্বী হোৱাৰ সপোন দেখি এই সকল উদ্যমী মহিলাই কৰি গৈছে নিজৰ সৃষ্টিশীল কৰ্মৰাজি।

মহিলাসকলে কয়, “আমি প্ৰশিক্ষণ গ্ৰহণ কৰি কামখিনি কৰি যাবলৈ চেষ্টা কৰিছো । নিৰ্মাণ কৰা অলংকাৰসমূহ গুৱাহাটী আৰু ডিব্ৰুগড়লৈ বিক্ৰী কৰা হৈছে । ইয়াত ব্যৱহাৰ কৰা বাঁহখিনি কাটি অনাৰ পাছত ১৫ দিন ঔষধ দি ৰখা হয় । তাৰ পাছত এসপ্তাহ মান ৰ’দত শুকাবলৈ দিয়াৰ পাছত বিভিন্ন অলংকাৰ বনোৱা হয়। গুৱাহাটী, ডিব্ৰুগড়ত অলংকাৰসমূহ বিক্ৰী কৰাৰ উপৰি আমি পূজা, বিহুত নিজেই দোকান দি বিক্ৰী কৰো । ইয়াৰ দ্বাৰা আমি সকলোৱে নিজৰ পৰিয়াল চলাবলৈ ভালদৰে সক্ষম হৈছো । চৰকাৰে কিছু সহায় কৰিলে আমি আৰু অধিক উপকৃত হম ।‌”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.