Government Schemeঅসমৰাজনৈতিক

অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ, অংশ ল’ব বহুকেইটা চৰকাৰী কাৰ্যসূচীত

আছাম ৰাইফলছৰ বহুকেইটা অনুষ্ঠানত ভাগ লোৱাৰ লগতে বিয়লি ৪.৩০ বজাত GMCHত ৰেডিঅ’ থেৰাপি ব্ল’ক উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে

অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। আজি বিয়লি গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী।

শংকৰদেৱ কলাক্ষেত্ৰৰ পৰাই ভাৰ্ছুৱেলী তামুলপুৰ মেডিকেল কলেজ হাস্পতালৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ ল’ব অমিত শ্বাহে।আছাম ৰাইফলছৰ বহুকেইটা অনুষ্ঠানত ভাগ লোৱাৰ লগতে বিয়লি ৪.৩০ বজাত GMCHত ৰেডিঅ’ থেৰাপি ব্ল’ক উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।

কলাক্ষেত্ৰত সন্ধিয়া ৫.৩০ বজাত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ‘প্ৰাৰ্থনা আঁচনি’ৰ অধীনত ১০০গৰাকী লোকক প্ৰদান কৰা হ’ব আৰ্থিক সাহায্য।

সোমবাৰে পুৱা মা-কামাখ্যা দৰ্শন কৰিবলৈ যাব গৃহমন্ত্ৰীগৰাকী। মা কামাখ্যাক দৰ্শন কৰিয়েই নতুন দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.