Government Schemeভাৰতৰাজনৈতিক

সন্ত্ৰাসবাদমুক্ত, ড্ৰাগছমুক্ত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ লক্ষ্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ সমস্যা সমাধানৰ বাবে সংকল্পবদ্ধ গৃহমন্ত্ৰীগৰাকী

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে গৃহমন্ত্ৰীগৰাকী উপস্থিত হয় শ্বিলঙত।

শ্বিলঙত বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ লগতে বহুকেইটা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীয়ে। ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ সমস্যা সমাধানৰ বাবে সংকল্পবদ্ধ গৃহমন্ত্ৰীগৰাকী। শ্বিলঙত উত্তৰ- পূবৰ সীমা সমস্যাৰ সন্দৰ্ভত আলোচনাত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শ্বিলঙত শনিবাৰে অনুষ্ঠিত হোৱা NESAC Societyৰ এখন বৈঠকত উত্তৰ-পূবৰ ৮ মুখ্যমন্ত্ৰীৰ উপস্থিতিত এক সন্ত্ৰাসবাদ মুক্ত,  ড্ৰাগছ মুক্ত আৰু সীমা বিবাদ মুক্ত উত্তৰ-পূব নিৰ্মাণৰ শপত ল’লে গৃহমন্ত্ৰী গৰাকীয়ে । ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূবৰ সকলো উগ্ৰবাদী সংগঠনক আত্মসমৰ্পণ কৰাই মূলসুঁতিলৈ লৈ অহা হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অমিত শ্বাহে ।

সন্ত্ৰাসবাদমুক্ত, ড্ৰাগছমুক্ত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ লক্ষ্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

North Eastern Space Application Centre Society চমুকৈ  NESAC  Societyৰ বৈঠকত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী গৰাকীয়ে ৮ মুখ্যমন্ত্ৰীক মহাকাশ প্ৰযুক্তিক বান নিয়ন্ত্ৰণ কৰাত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধন কৰি শ্বাহে ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ পানী কৃত্ৰিম হ্ৰদ (Artificial Lake) নিৰ্মাণ কৰি বিতৰণ কৰিবলৈ পৰামৰ্শ দিয়ে । মহাকাশ প্ৰযুক্তি ব্যৱহাৰ কৰি উত্তৰ-পূৱৰ নদী সমূহৰ জল বিদ্যুৎ উৎপাদন ক্ষমতা নিৰ্ধাৰণ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে গৃহমন্ত্ৰীয়ে ।

সন্ত্ৰাসবাদমুক্ত, ড্ৰাগছমুক্ত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ লক্ষ্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিজেপি নেতৃত্বাধীন চৰকাৰে উত্তৰ-পূবক সর্বদায়  প্ৰাধান্য দিয়া বুলি মন্তব্য কৰি অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰখনৰ গুণানুকীৰ্তন কৰে । তেওঁ কয় যে, পূৰ্বৰ চৰকাৰে ৭০বছৰত উত্তৰ পূৱৰ যিমান উন্নয়ন কৰিলে মোদী চৰকাৰে তাতোকৈ অধিক উন্নয়ন ৭বছৰত কৰিছে । পূৰ্বৰ চৰকাৰে ৬৫০০০কোটি টকা উত্তৰ পূবত ব্যয় কৰাৰ বিপৰীতে মোদী চৰকাৰে ২,৬৫,৫১৩ কোটি প্ৰদান কৰিছে বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীয়ে ।

সন্ত্ৰাসবাদমুক্ত, ড্ৰাগছমুক্ত উত্তৰ-পূৰ্বাঞ্চল গঢ়াৰ লক্ষ্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

গৃহমন্ত্ৰীগৰাকীৰ শ্বিলং ভ্ৰমণৰ পাছত উত্তৰ-পূবৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 18 =

Back to top button